অশোকাষ্টমী উপলক্ষে শিলঘাট কামাখ্যা মন্দিৰৰ নামনিত ভক্তৰ ভিৰ - Holy Ashokashtami - HOLY ASHOKASHTAMI
🎬 Watch Now: Feature Video

Published : April 16, 2024 at 7:29 PM IST
কলিয়াবৰ,১৬ এপ্ৰিল: আজি পবিত্ৰ অশোকাষ্টমী । অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ কলিয়াবৰৰ শিলঘাট কামাখ্যা মন্দিৰৰ নামনিত এইবাৰো ভক্তৰ ভিৰ । মঙলবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হয় শিলঘাটত । প্ৰবাদ অনুসৰি, পবিত্ৰ শুক্লাষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰে উজাই আহে গংগাৰ জলধাৰা । এই জলৰাশিত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে পূণ্য অৰ্জন হয় ।
সেই জনবিশ্বাসকে সৰোগত কৰি আনবাৰৰ দৰে এইবাৰো শিলঘাটত ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ ভিৰ কৰে বিভিন্নজনে । ব্ৰহ্মপুত্ৰত স্নান কৰাৰ লগতে মৃতকৰ পিণ্ডদান, শ্ৰাদ্ধ বিধি আদিও সমাপন কৰে বিভিন্নজনে । উল্লেখ্য যে, প্ৰতিবছৰে অশোকাষ্টমী উপলক্ষে শিলঘাটত বিশাল মেলা অনুষ্ঠিত হয় যদিও লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মঙলবাৰে কেৱল স্নানৰ বিপৰীতে মেলাখন অহা ২০ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈকে অনুষ্ঠিত কৰাৰ দিহা কৰিছে সমিতিয়ে ।
লগতে পঢ়ক: গোসাঁই বিহুৰ মহত্ব: জানো আহক কি দৰে অসমীয়াই ধৰি ৰাখিছে নিজ পৰম্পৰা... - RONGALI BIHU 2024