জয় শ্ৰীৰাম ধ্বনি দি মূৰ্কংচেলেক ৰে’ল ষ্টেচনৰ পৰা ৰাম মন্দিৰলৈ যাত্ৰা ৰামভক্তৰ

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 4:24 PM IST

thumbnail

জোনাই, 5 মাৰ্চ : জয় শ্ৰীৰাম ধ্বনিৰে মুখৰ হৈ পৰিল জোনাইৰ মূৰ্কংচেলেক ৰে’ল ষ্টেচন ৷ কিয়নো জোনাই, ধেমাজিৰ বহুকেইগৰাকী তীৰ্থযাত্ৰীয়ে আজি (মঙলবাৰ) যাত্ৰা কৰিছে অযোধ্যাৰ ৰাম মন্দিৰলৈ ৷ যাৰ বাবে আনন্দতে জয় শ্ৰীৰাম ধ্বনি দি মনত আধ্যাত্মিক ভাৱ লৈ ৰামলালাক চাবলৈ যাত্ৰা কৰিছে এইসকল তীৰ্থযাত্ৰীয়ে  ৷

অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবৰ বাবে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে 200 খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰে অংশস্বৰূপে মঙলবাৰে দিনৰ 9 বজাত ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্ত মূৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ পৰা অযোধ্যা অভিমুখী বিশেষ ৰে’লখনে যাত্ৰা আৰম্ভ কৰে ৷

অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাৰ পৰা মুঠ 40 গৰাকী আৰু ধেমাজি জিলাৰ পৰা মুঠ 240 গৰাকী তীৰ্থযাত্ৰীয়ে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ 00176 নম্বৰৰ ৰে’লেৰে অয্যোধ্যালৈ যাত্ৰা আৰম্ভ কৰে । ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, উপ-সভাপতি পাৰ্থ চেত্ৰী, পূৱ জোনাই বিজেপিৰ সভাপতি আদিত্য বৰুৱা, সম্পাদক বিনোদ দলেই ফ্লেগ অফ কৰে এই ৰে’লযাত্ৰাৰ ৷

লগতে পঢ়ক : পঃৰাগ উৎসৱৰ আয়োজন : অতিথিৰ বাবে পৰম্পৰাগত খাদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.