ধৰ্ষণ-হত্যাৰ বলি কিশোৰীৰ পৰিয়াললৈ আৰ্থিক সাহায্য কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:23 PM IST

thumbnail

ডিফু, ৩১ জানুৱাৰী: কাৰ্বি আংলং জিলাৰ ডলমৰা আৰক্ষী চকীৰ অধীনৰ বৰপুঙত যোৱা ২৬ জানুৱাৰীৰ দিনা এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে বিধায়ক দৰছিং ৰংহাঙে ৷ বুধবাৰে ডিফুত কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰি থকাৰ সময়তে বিধায়ক দৰছিং ৰংহাঙৰ নেতৃত্বত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ' আৰু কেইবাগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ৷

বিধায়ক দৰছিং ৰংহাঙে সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ তীব্ৰ নিন্দা কৰি এনে কাৰ্য কোনো কাৰণতে গ্ৰহণ যোগ্য নহয় বুলি মন্তব্য কৰে ৷ বিধায়কগৰাকীয়ে পৰিয়ালবৰ্গক কিশোৰীগৰাকীৰ সৎকাৰৰ বাবে পৰিষদৰ হৈ ১ লাখ টকা প্ৰদান কৰা বুলি জানিবলৈ দি অহা ২ ফেব্ৰুৱাৰীত কিশোৰীগৰাকীৰ বাসগৃহত অনুষ্ঠিত হ’ব লগীয়া সৎকাৰৰ সময়ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পাৰিষদৰ দল উপস্থিত থাকিব বুলি কয় ৷

পৰিষদৰ তৰফৰ পৰা পুনৰ ১ লাখ টকা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে দোষীক ক্ষীপ্ৰতাৰে কৰায়ত্ব কৰাৰ বাবে আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় দৰছিং ৰংহাঙে ৷

লগতে পঢ়ক: অসম আৰক্ষীক ব্ৰিটিছ আৰক্ষী আখ্যা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.