ETV Bharat / state

অসম আৰক্ষীক ব্ৰিটিছ আৰক্ষী আখ্যা কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:54 PM IST

Bhupen Borah in Jorhat police station: "ভূপেন কুমাৰ বৰাক ৰাজনৈতিক আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰিব নোৱাৰি এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁক আদালতৰ কাঠগড়াত থিয় কৰাব বিচাৰিছে ৷ আমি সাজু আছো ৷ আমি হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগক সকীয়াই দিছো, যদি ভূপেন বৰাক আজি গ্ৰেপ্তাৰ কৰে তেনেহ’লে আমাৰ সমগ্ৰ অসমৰ জিলা সভাপতিসকলৰ সিদ্ধান্তমৰ্মে ৰাজ্যৰ সদৰ থানা সমূহত জেইল ভৰো কাৰ্যসূচী হাতত লোৱা হ’ব ৷" -ক্ষুব্ধ কংগ্ৰেছ কৰ্মী

Bhupen Bora in Jorhat police station
অসম আৰক্ষীক ব্ৰিটিছ আৰক্ষী আখ্যা কংগ্ৰেছৰ

অসম আৰক্ষীক ব্ৰিটিছ আৰক্ষী আখ্যা কংগ্ৰেছৰ

যোৰহাট, 31 জানুৱাৰী : "এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এক অগণতান্ত্ৰিক আৰু স্বেচ্ছাছাৰী শাসনৰ নমুনা আজি আপোনালোকে দেখা পাইছে ৷ বিগত ভাৰত জোড়ো ন্যায় যাত্ৰাত সভাপতি ভূপেন বৰাৰ নেতৃত্বত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ ৰাইজৰ সঁহাৰি দেখি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে ৷ তেখেতে জামিনবিহীন কেইবাটাও ভুৱা গোচৰত ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷" ভূপেন বৰাক যোৰহাট সদৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিচতে বুধবাৰে যোৰহাটত উপস্থিত হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷ তাৰ পিচতেই একাংশ কংগ্ৰেছ কৰ্মীয়ে এইদৰে ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বিৰুদ্ধে ৷

তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল এনেদৰে, "আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কথা হৈছে, ন্যায় যাত্ৰাত ভূপেন কুমাৰ বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল , কিন্তু তাৰ পিচতো সেই বিজেপিৰ আততায়ীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল ৷ ভূপেন কুমাৰ বৰাক ৰাজনৈতিক আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰিব নোৱাৰি এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁক আদালতৰ কাঠগড়াত থিয় কৰাব বিচাৰিছে ৷ আমি সাজু আছো ৷ আমি হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগক সকীয়াই দিছো, যদি ভূপেন বৰাক আজি গ্ৰেপ্তাৰ কৰে তেনেহ’লে আমাৰ সমগ্ৰ অসমৰ জিলা সভাপতিসকলৰ সিদ্ধান্তমৰ্মে ৰাজ্যৰ সদৰ থানা সমূহত জেইল ভৰো কাৰ্যসূচী হাতত লোৱা হ’ব ৷"

এইমুহূৰ্তত যোৰহাট সদৰ থানাৰ প্ৰৱেশদ্বাৰা সন্মুখত যোৰহাটৰ লগতে বিভিন্ন জিলাৰ পৰা অহা কংগ্ৰেছ কৰ্মীসকলে সমবেত হৈ কংগ্ৰেছ কৰ্মীসকলক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ তেওঁলোকে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনি, হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন নিপাত যাওক আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে । আনহাতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে অসম আৰক্ষীক ব্ৰিটিছ আৰক্ষীৰ লগত তুলনা কৰে ।

লগতে পঢ়ক: আজি গ্ৰেপ্তাৰ হ’ব নেকি ভূপেন বৰা ? ১১ বজাত হাজিৰ হ’ব লাগিব যোৰহাট থানাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.