ৰংদৈত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:52 PM IST

thumbnail

গোলাঘাট, 2 ফেব্ৰুৱাৰী : গোলাঘাটৰ শালমৰা বাইপাছৰ ৰংদৈত পথৰ কাষত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ পথৰ কাষত পৰি থকা মৃতদেহটো হৈছে এজন পুৰুষৰ ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়াত সদৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পিচত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

মৃতদেহ প্ৰেৰণৰ পিচত তদন্ত আৰম্ভ কৰিছে গোলাঘাট আৰক্ষীয়ে । আনহাতে নিশাৰ ভাগত যুৱকজনক কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত তথ্য । ইফালে উদ্ধাৰ হোৱা মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক : ধেমাজিৰ গাইনদীৰ ৰে'ল লাইনত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.