ধেমাজিৰ গাইনদীৰ ৰে'ল লাইনত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 2:12 PM IST

thumbnail

ধেমাজি,১ ফ্ৰেব্ৰুৱাৰী : ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অধীনৰ গাই নদীৰ সমীপত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ বয়স আনুমানিক ১৫-১৮ বছৰ । বৃহস্পতিবাৰে পুৱা ৰে'লৱে আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় মৃতদেহটো । কোনো লোকে হত্যা কৰি ৰে'ল লাইনত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ ।  

ৰে'ল লাইনত শুৱাই জাবৰেৰে ঢাকি থৈ গৈছিল মৃতদেহ । কাষৰ পিতনিত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ চেণ্ডেল আৰু জেকেট ‌ । ইতিমধ্যে RPF ৰ কৰ্মীয়ে মৃতদেহটো ৰে'ললাইনৰ পৰা কাষলৈ স্থানান্তৰ কৰে । বাতৰি সংগ্ৰহৰ সময়লৈকে যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই ৷ যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ।

লগতে পঢ়ক : দুলীয়াজানত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.