২৬ জানুৱাৰী উপলক্ষে চাইকেল খেল অনুষ্ঠিত

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 10:34 PM IST

thumbnail

হোজাই, 26 জানুৱাৰী : আজি 75 সংখ্যক গণৰাজ্য দিৱস ৷ সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গণৰাজ্য দিৱস উপলক্ষে হোজাই জিলাৰ নখুটি ৰখাগৰিজানত চাইকেল খেল অনুষ্ঠিত কৰা হয় ৷ শুকুৰবাৰে খাগৰিজান যুৱ সমাজৰ উদ্যোগত সেতুৰ ওপৰেদি চাইকেল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ৰাইজক হাঁহি আনন্দৰ খোৰাক দিয়াৰ উদ্দেশ্যেই খাগৰিজানত এই খেলখন অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ এই খেলত সৰুৰ পৰা ডাঙৰলৈকে স্থানীয় বহু লোকে অংশগ্রহণ কৰে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই চাইকেল খেল ৷ এই চাইকেল খেল উপভোগ কৰি স্থানীয় লোকে আমোদ পাই বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.