ETV Bharat / state

ৰাজ্যজুৰি ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:07 PM IST

75th Republic Day celebrate: ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলে বিভিন্ন প্ৰান্তত উন্মোচন কৰে ৰাষ্ট্ৰীয় পতাকা । ছাত্ৰ-ছাত্ৰী, স্কাউট গাইড, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ কুচ-কাৱাজ প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলপথাৰসমূহ ।

75th Republic Day celebrated in Assam
ৰাজ্যজুৰি ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন
ৰাজ্যজুৰি ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

নিউজ ডেস্ক,২৬ জানুৱাৰী: দেশে আজি উদযাপন কৰিছে ৭৫ সংখ্যক গণৰাজ্য দিৱস । সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো উদযাপন কৰা হৈছে গণৰাজ্য দিৱস । ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলে বিভিন্ন প্ৰান্তত উন্মোচন কৰে ৰাষ্ট্ৰীয় পতাকা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বঙাইগাঁৱত উদযাপিত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে কেবিনেত মন্ত্ৰী অশোক সিংহলে ।

পতকা উত্তোলন কৰি কুচ-কাৱাজ উপভোগ কৰে অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক নৃত্য-গীতৰ অনুষ্ঠান উপভোগ কৰে মন্ত্ৰী গৰাকীয়ে । পিছে বঙাইগাঁও জিলাৰ পাৰ্কৰোডস্থিত আৱৰ্ত ভৱনত উপস্থিত হৈ সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে । গুৱাহাটীৰ ৰাইজৰ বাবে ভাল খবৰ দিলে মন্ত্ৰীগৰাকীয়ে । আগন্তুক দিনত গুৱাহাটীবাসীয়ে লাভ কৰিব খোৱাপানী । খোৱাপানী প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে সিংহলে ।

ইফালে কামৰূপৰ কেন্দ্রীয় কাৰ্যসূচী অনুসৰি ৭৫ সংখ্যক গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই । আমিনগাঁৱৰ নুমলী জলাহৰ পেৰেড গ্ৰাউণ্ডত কেন্দ্রীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উন্মোচন কৰি মন্ত্ৰী গৰাকীয়ে চৰকাৰৰ অভিলাষী কাৰ্যসূচীসমূহৰ ওপৰত আলোকপাত কৰে । মন্ত্ৰী গৰাকীয়ে অৰ্ধসামৰিক বাহিনী, আৰক্ষী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্কাউট আৰু গাইডৰ অভিবাদন গ্ৰহণ কৰে ।

সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ উদ্যোগত নামৰূপৰ গান্ধী ময়দানত দেশৰ গণৰাজ্য দিৱস অনুষ্ঠিত হয় । উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ উদ্যোগত নামৰূপৰ গান্ধী ময়দানত দেশৰ গণৰাজ্য দিৱস অনুষ্ঠিত হয় । নামৰূপৰ গান্ধী ময়দানত সাৰ কৰ্তৃপক্ষই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে সাৰ কাৰখানাৰ বিত্ত সঞ্চালক সুভাষ চন্দ্ৰ দাসে । ইয়াৰ পাচতে চি.আই.এছ.এফ আৰু নামৰূপস্থিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুছ-কাৱাজ প্ৰদৰ্শন কৰে ৷

ইফালে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰা হয় দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । অনুষ্ঠানত বাক্সা জিলা আয়ুক্ত কৃষ্ণা বৰুৱাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে । পতাকা উন্মোচন কৰি নিজৰ ভাষণত জিলা আয়ুক্ত বৰুৱাই অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে । লগতে তেওঁ বিপথে পৰিচালিত হোৱা যুৱকসকলক মূল সুঁতিলৈ ঘূৰি আহি জিলাখনৰ সৰ্বাংগীন উন্নতিৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক: পুৱাই শিৱসাগৰৰ আকাশত উৰিল গণৰাজ্য দিৱসৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.