ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : শ শ লোক যোৰহাটৰ ৰাজপথত

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:43 PM IST

thumbnail

যোৰহাট, 22 জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগে লগে সমগ্ৰ দেশতে এক উৎসাহৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে ৷ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল আজি সমগ্ৰ দেশ আৰু বিশ্ব । উৎফুল্লিত হৈ ৰাজপথলৈ ওলাই আহিছে দেশবাসী ৷ সাধাৰণ জনসাধাৰণৰ পৰা শীৰ্ষ ৰাজনৈতিক নেতাৰে ভৰি পৰিছে ৰাজপথ ৷

ইয়াৰ ব্যতিক্ৰম নহ’ল যোৰহাটো ৷ আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগে লগে যোৰহাটৰ ৰাজপথত দেখা পোৱা গ’ল এক আধ্যাত্মিক পৰিৱেশ ৷ গায়ন-বায়নৰ লগতে বিভিন্ন বাৰেৰণনীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন হ’ল নগৰৰ ৰাজপথত ৷ সকলোৰে মুখত জয় শ্ৰী ৰাম ধ্বনি শুনা গ’ল ।

আজি নগৰ মাজেৰে ওলোৱা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী, হিতেন্দ্ৰ নাথ গোস্বামী, সাংসদ কামাখ্যা প্ৰসাদ তাছাসহ বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে । আজিৰ দিনটোত যোৰহাটৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে ৰাজপথত দেখা গ’ল জনসাধাৰণৰ সেৰেঙা উপস্থিতি ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ সঞ্চাৰত আনন্দিত অসমৰ ৰাজ্যপাল; ৰোমন্থন পুৰণি স্মৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.