ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে গোলাঘাটত বিশাল শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:59 PM IST

thumbnail

গোলাঘাট, 22 জানুৱাৰী : শ্ৰীৰাম নামৰ ধ্বনিৰে মুখৰিত হ’ল সমগ্ৰ গোলাঘাট নগৰ । বহু প্ৰতিক্ষাৰ অন্তত অযোধ্যত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল । সমগ্ৰ দেশৰ লগতে উখল-মাখল পৰিৱেশৰ মাজত ডুব গৈছে গোলাঘাট জিলা । জিলাখনৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ, দেৱালয় নামঘৰসমূহত পৰিচালনা সমিতিয়ে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি সোমবাৰে গোলাঘাট নগৰত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । হাজাৰ হাজাৰ লোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰে সমগ্ৰ গোলাঘাট নগৰ ৷ গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা বাহিৰ কৰা বিশাল শোভাযাত্ৰাত পুৰুষ-মহিলা সকলোৱে পূৰ্ণোদ্যমে অংশগ্ৰহণ কৰে ৷ এই সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : শ শ লোক যোৰহাটৰ ৰাজপথত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.