পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰবিহুৱা ফিৰোজ কোঁৱৰে

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 5:01 PM IST

thumbnail

ডিব্ৰুগড়, 8 ফেব্ৰুৱাৰী: পৰিবহণ বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে চৰাইদেউৰ সোণাৰিৰ নাফুকত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

তীব্ৰ বেগত অহা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰবিহুৱা ফিৰোজ কোঁৱৰে  ।  ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা অৱস্থাত চৰাইদেউ জিলাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰবিহুৱা ফিৰোজ কোঁৱৰক খুন্দিয়াই পলায়ন কৰে বাহনখন ।

বাইকত গৈ থকা ফিৰোজ কোঁৱৰক এখন বলেৰ’ পিক-আপ বাহনে খুন্দিওৱাৰ ফলত মৃত্যু হয় । ঘটনাৰ পিচতে পথত বহু সময় ধৰি পৰি থকা প্ৰত্যক্ষ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৰবিহুৱা ফিৰোজ কোঁৱৰক ৰজাপুখুৰী জিলা চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত্যু ঘটে । এই ঘটনাই সমগ্ৰ চৰাইদেউ জিলাখনতে শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে ।

ইতিমধ্যে ঘটনা সংঘটিত কৰা বাহনখনৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈকে কোনো তথ্য নাই সোণাৰি আৰক্ষীৰ ওচৰত ।

লগতে পঢ়ক: জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীশ আৰু নাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.