ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন নিৰুজ শইকীয়াৰ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:49 PM IST

thumbnail

ডিব্ৰুগড়, 10 ফেব্ৰুৱাৰী : কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ উপ-আৰক্ষী অধীক্ষক নিৰুজ শইকীয়াৰ ডিব্ৰুগড় গজাই গাঁৱত ৰাজ্যিক মৰ্য্যদাৰে আজি শেষকৃত্য সম্পন্ন কৰা হয় ৷ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত উপ-আৰক্ষী অধীক্ষক হিচাপে নিয়োজিত ডিব্ৰুগড় লেজাই কলাখোৱা গজাই গাঁৱৰ নিবাসী নিৰুজ শইকীয়াৰ অকাল মৃত্যুৱে জিলাখনত শোকৰ ছাঁ পেলাইছে ।

ডিব্ৰুগড়ৰ লেজাই কলাখোৱা গজাই গাঁৱৰ নিবাসী CRPF ৰ উপ-অধীক্ষক নিৰুজ শইকীয়াৰ মৃতদেহ স্ব-গৃহলৈ লৈ অনাৰ পাচতে ডিব্ৰুগড়ত শোকাকুল পৰিৱেশে বিৰাজ কৰে । CRPF ৰ Asst Commandent হিচাপে কৰ্মৰত নিৰুজ শইকীয়াৰ এক জটিল ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে গুড়গাঁৱৰ মেদান্ত হাস্পতাল মৃত্যু হয় । তেখেতৰ মৃতদেহ বিশেষ বিমানযোগে ডিব্ৰুগড়ৰ স্ব-গৃহলৈ অনা হয় ।

উল্লেখ্য যে, নিৰুজ শইকীয়া DIGP কাৰ্যালয়ত staff officer হিচাপে কৰ্মৰত আছিল । তেওঁৰ মৃতদেহ নিজ গৃহলৈ অনাৰ পাচতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । জিলা প্ৰশাসন আৰু CRPF ৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বিষয়া গৰাকীৰ ।

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.