গুৱাহাটীত উপস্থিত ক্ৰিকেটাৰ ৰিয়ান পৰাগ - riyan parag latest news

🎬 Watch Now: Feature Video

thumbnail
riyan parag (undefined)

By ETV Bharat Assamese Team

Published : January 24, 2024 at 2:14 PM IST

1 Min Read
Choose ETV Bharat

মিৰ্জা, 24 জানুৱাৰী: গুৱাহাটীত উপস্থিত ক্ৰিকেটাৰ ৰিয়ান পৰাগ ৷ BCCI তৰফৰ পৰা 2022-23 বৰ্ষৰ ঘৰুৱা ক্ৰিকেটত শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ হিচাপে ‘লালা অমৰনাথ বঁটা’ লাভ কৰাৰ পিছত বুধবাৰে গুৱাহাটীত উপস্থিত হয় ৰিয়ান পৰাগ । হাইদৰাবাদৰ পৰা বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় অসমৰ অধিনায়ক ৰিয়ান পৰাগ । গুৱাহাটীত উপস্থিত হৈয়ে BCCI ৰ পৰা ‘লালা অমৰনাথ বঁটা’ লাভ কৰি সুখী হোৱা বুলি মন্তব্য কৰি ৰাষ্ট্ৰীয় দলত কেতিয়া স্থান লাভ কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সেয়া তেওঁ নিজেও নাজানে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে উদীয়মান ক্ৰিকেটাৰজনে ।

উল্লেখ্য যে, শেহতীয়াকৈ চলিত ছিজনত ঘৰুৱা ক্ৰিকেটত দূৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰজনে ৷ যাৰ ফলত T 20 সংস্কৰণত ভাৰতীয় দলত স্থান লাভৰ বাবে চৰ্চালৈ আহি আছে ৰিয়ানৰ নাম ৷ 

লগতে পঢ়ক: ৰিয়ান পৰাগলৈ বিচিচিআইৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা

ABOUT THE AUTHOR

...view details