ETV Bharat / sports

ৰিয়ান পৰাগলৈ বিচিচিআইৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 8:02 PM IST

Updated : Jan 23, 2024, 9:52 PM IST

BCCI Award Ceremony 2024 : হায়দৰাবাদত অনুষ্ঠিত হৈ আছে বিচিচিআইৰ ২০২৪ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান । এই অনুষ্ঠানতে ৰিয়ান পৰাগক ঘৰুৱা ক্ৰিকেটৰ সীমিত অভাৰৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা প্ৰদান কৰা হয় ।

BCCI Award Ceremony 2024
ৰিয়ান পৰাগলৈ বিচিচিআইৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা

স্পৰ্টছ ডেস্ক, ২৩ জানুৱাৰী : ক্ৰমান্বয়ে স্বপ্ৰতিভাৰে উজলি উঠিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ । ২০২৩ বৰ্ষত ৰিয়ান পৰাগে ঘৰুৱা ক্ৰিকেটত উপহাৰ দিছে কেইবাটাও গুৰুত্বপূৰ্ণ ইনিংছ । আনহাতে, ২০২২ বৰ্ষতো মিশ্ৰিত ফলাফল আগবঢ়াইছে ৰিয়ান পৰাগে । তাৰেই ফলশ্ৰুতিত বিচিচিআইৰ বাৰ্ষিক বঁটাৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে ।

শেহতীয়াভাৱে বেটে-বলে উজলি উঠা ৰিয়ান পৰাগক বিচিচিআয়ে ২০২২-২৩ বৰ্ষৰ বাবে সীমিত অভাৰৰ ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ বাবে লালা অমৰনাথ বঁটা প্ৰদান কৰা হৈছে । উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত চৈয়দ মোস্তাক আলী টি-২০ ট্ৰফীত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল অসমৰ এইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অলৰাউণ্ডাৰ । এই মোস্তাক আলী ট্ৰফীতে একেৰাহে টি-২০ ফৰ্মেটত সৰ্বাধিক অৰ্ধশতক অৰ্জনৰ বিশ্ব অভিলেখ গঢ়ে ৰিয়ানে । আনহাতে, চলিত ছিজনৰ ৰঞ্জী ট্ৰফীতো উজ্জীৱিত প্ৰদৰ্শন অব্যাহত আছে ৰিয়ান পৰাগৰ । চলিত ৰঞ্জী ট্ৰফীতে ৰিয়ান পৰাগে দ্বিতীয় দ্ৰুত শতক অৰ্জনৰ অভিলেখ গঢ়ে ।

উল্লেখ্য যে হায়দৰাবাদত অনুষ্ঠিত হৈ আছে বিচিচিআইৰ ২০২৪ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান । এই অনুষ্ঠানতে ৰিয়ান পৰাগক ঘৰুৱা ক্ৰিকেটৰ সীমিত অভাৰৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে এই শিতানত ২০১৯-২০ বৰ্ষৰ বাবে তামিলনাডুৰ বাবা অপৰাজিত আৰু ২০২০-২১ বৰ্ষৰ বাবে হিমাচল প্ৰদেশৰ ঋষি ধৱনক বঁটা প্ৰদান কৰা হয় । আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলা ৰিয়ানে শেহতীয়াভাৱে নিজৰ বলিং আৰু বেটিং আৰু উভয়তে যথেষ্ট উন্নতি ঘটাইছে আৰু আগন্তুক আইপিএলত ৰিয়ান পৰাগ নতুন ৰূপত উদ্ভাসিত হৈ উঠিব বুলি সকলোৱে আশা কৰিছে ।

উল্লেখ্য যে শুভমন গিলক ২০২২-২৩ বৰ্ষৰ বাবে শ্ৰেষ্ঠ আন্তৰাষ্ট্ৰীয় খেলুৱৈৰ বঁটা প্ৰদান কৰে বিচিচিআয়ে । আনহাতে, ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰাক্তন ভাৰতীয় অধিনায়ক ৰবি শাস্ত্ৰীলৈ চি কে নাইডু জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক :ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত নেখেলে বিৰাট কোহলীয়ে

Last Updated : Jan 23, 2024, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.