বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ চি পি আই এমৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 11:01 PM IST

thumbnail

বৰপেটা, ২৪ এপ্ৰিল: বিজেপি দলে আৰ্থ সামাজিক জৰীপৰ নামত অৰুণোদয়কে ধৰি হিতাধিকাৰীৰ ফৰ্ম বিতৰণ কৰা কাৰ্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক ব্যৱস্থা ল’বলৈ দাবী জনাইছে চি পি আই এমে ৷ নিৰ্বাচনী অধিসূচনা জাৰিৰ পিচত এনেদৰে কোনো আঁচনিৰ নামত জৰীপ কৰা বা ফৰ্ম বিতৰণ অবৈধ বুলি উল্লেখ কৰি এইক্ষেত্ৰত নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অবমাননাৰো অভিযোগ দলটোৰ ৷

বিজেপিৰ এনে কাৰ্যৰ বিৰুদ্ধে চি পি আই এমে ইতিমধ্যে নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল কৰা বুলি উল্লেখ কৰে দলটোৰ নেতা সুপ্ৰকাশ তালুকদাৰে ৷ ইপিনে বিজেপিয়ে নিৰ্বাচনৰ সময়ত এনেদৰে আৰ্থ সামাজিক জৰীপৰ নামত ফৰ্ম বিতৰণ কৰা কাৰ্যই নিৰ্বাচনত বিজেপি দল যে বিপৰ্যস্ত হৈছে তাকেই সূচোৱা বুলি মন্তব্য সুপ্ৰকাশ তালুকদাৰৰ ৷

আনহাতে ডিব্ৰুগড় আৰু যোৰহাটত বিজেপি অভাৱনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ লগতে লখিমপুৰ, শোণিতপুৰ, নগাঁও, কাজিৰঙা, কৰিমগঞ্জ, আদি সমষ্টিসমূহতো বিজেপি পৰাজয়ৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰে সুপ্ৰকাশ তালুকদাৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সভালৈ মাতি ভাড়া নিদিলে দুই শতাধিক ই-ৰিক্সাৰ: চালক হাজিৰ হ’ল থানাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.