মুখ্যমন্ত্ৰীৰ সভালৈ মাতি ভাড়া নিদিলে দুই শতাধিক ই-ৰিক্সাৰ: চালক হাজিৰ হ’ল থানাত - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:33 PM IST

thumbnail
()

ৰঙিয়া, 24 এপ্ৰিল: ই-ৰিক্সাৰ ভাড়া নিদিয়াকৈ পলাল বিজেপি নেতা ! তাকো এখন-দুখন নহয়, প্ৰায় দুই শতাধিক ই-ৰিক্সা ভাড়ালৈ আনি মানুহ কঢ়িওৱাৰ পিচত ফোন অফ্ কৰি উধাও হ’ল বিজেপি নেতা ৷ সদৌ শেষত হাজিৰ হ’ল থানাত ৷  অভিযোগকাৰীৰ মুখত ওলোৱা নাম অনুসৰি ই-ৰিক্সাৰ চালকৰ এই দশা কৰা এজন লোক- ‘দিগন্ত কলিতা ছাৰ’৷

উল্লেখ্য যে বুধবাৰে কমলপুৰ সমষ্টিত আছিল এক বিশাল নিৰ্বাচনী সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ সেয়েহে ৰাইজৰ সমাগম বৃদ্ধিৰ বাবে মাতি অনা হৈছিল প্ৰায় 230 খন ই-ৰিক্সা ৷ প্ৰতিখন ই-ৰিক্সাৰ বাবদ দিয়াৰ কথা আছিল 500 টকাকৈ ৷ সেয়েহে ই-ৰিক্সা চালকসকলে দিনৰ-দিনটো কষ্ট কৰি গাঁৱৰ ভিতৰৰ পৰা মানুহ কঢ়িয়ালে সভাস্থলীলৈ ৷ কিন্তু সভা শেষ হোৱাৰ পিচতে ই-ৰিক্সাসমূহ মাতি অনা বিজেপি নেতা উধাও হ’ল বুলি অভিযোগ উত্থাপিত হৈছে ৷

সদৌ শেষত ‘দিগন্ত কলিতা ছাৰ’এ চালকসকলক ক’লে-‘‘ তোমালোক থানালৈ যোৱা ৷ অ’চি ছাৰৰ লগত কথা পাতি কিবা এটা মিলাই আছোঁ ৷’’ দিগন্ত কলিতাৰ কথা শুনি বহু নিশা পৰ্যন্ত ৰঙিয়া থানাতে থাকিল ই-ৰিক্সা চালকসকল ৷ প্ৰাপ্য ধন নাপালে পৰিৱেশ উত্তাল কৰাৰো হুংকাৰ দিলে ই-ৰিক্সা চালকসকলে ।

লগতে পঢ়ক: কোকৰাঝাৰ সমষ্টি : ১২ গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা আৰু সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.