চিপিআই এমএলৰ স্বায়ত্ত শাসনৰ দাবী সন্দৰ্ভত ৰাহুল গান্ধীক স্মাৰকপত্ৰ প্ৰদান - Diphu news
🎬 Watch Now: Feature Video

Published : January 26, 2024 at 12:14 PM IST
ডিফু, 26 জানুৱাৰী : চিপিআই(এমএল) হিলচ পাৰ্টী কমিটীয়ে কালি ডিফুত এখন সংবাদমেলৰ জৰিয়তে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অসমত বাধা দিয়াৰ কার্যৰ তীব্ৰ গৰিহণা দিয়ে । দলটোৰ নেতা ৰবি কুমাৰ ফাংচই সংবাদমেল যোগে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, অৰুণাচল, মেঘালয়কে ধৰি আন ৰাজ্যত এই যাত্ৰাক চৰকাৰে বাধা প্ৰদান কৰা নাছিল আৰু এই যাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল ।
ইয়াৰ বিপৰীতে কিন্তু অসম চৰকাৰে এই যাত্ৰাত বাধা আৰোপ কৰি অসমৰ জনতাক এই যাত্ৰাত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰা পৰিলক্ষিত হ’ল ।অসম চৰকাৰৰ এনে আচৰণক তেওঁ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । আনহাতে, দুয়োখন পাৰ্বত্য জিলাৰ বাসিন্দাসকলৰ দীর্ঘদিনীয়া দাবীক সামৰি স্বায়ত্তশাসিত ৰাজ্যৰ বিষয়টো সন্দর্ভত ৰাহুল গান্ধীক সাক্ষাৎ কৰি চিপিআই (এমএল) দলৰ লগতে ভাতৃ সংগঠনসমূহে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।
সংবাদমেলযোগে দলটোৱে স্বায়ত্তশাসিত ৰাজ্যৰ বিষয়টো গুৰত্বসহকাৰে গ্ৰহণ কৰিবলৈ ৰাহুল গান্ধীক আহ্বান জনায় । কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁলোকৰ স্মাৰকপত্ৰ গ্ৰহণ কৰি মনোযোগেৰে তেওঁলোকব বক্তব্য শুনে বুলিও ফাংচই সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ।
লগতে পঢ়ক : বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ