আশী লাখ টকাৰ কফ চিৰাপ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 11:02 PM IST

thumbnail

কৰিমগঞ্জ, 6 ফেব্ৰুৱাৰী : কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা থানাৰ অন্তৰ্গত চুৰাইবাৰী ৱাচ পোষ্ট আৰক্ষীয়ে পুনৰ দুদিনৰ মূৰত যথেষ্ট সফলতা অৰ্জন কৰে । গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ চোৰাংভাৱে লৈ গৈ থকা অৱস্থাত কফ চিৰাপখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

বাটতে বাজাৰিচৰা থানাৰ চুৰাইবাৰী ৱাচ পোষ্ট তালাচীৰ সময়ত প্ৰায় আশী লাখ টকাৰ কফ চিৰাপ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে কফ চিৰাপ উদ্ধাৰ কৰাৰ লগতে গাড়ী চালকজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।  ৱাচ পোষ্টৰ ইনচাৰ্জ প্ৰণৱ মিলিয়ে জানিবলৈ দিয়া অনুসৰি সামগ্ৰী কঢ়িয়াই অনা ব্যক্তিগত পৰিবহণ কোম্পানীটোৰ কণ্টেইনাৰ গাড়ীখন যেতিয়া চুৰাইবাৰী  আৰক্ষীৰ চেক গেটত উপস্থিত হয়, তেতিয়া কৰ্তব্যৰত আৰক্ষীয়ে সচৰাচৰৰ চলোৱাৰ দৰে গাড়ীখনত তালাচী চলায় । তালাচী অভিযানৰ সময়তে গাড়ীৰ ভিতৰত ৬৭ টা কাৰ্টনত থকা ৮০৪০ টা কফ চিৰাপৰ বটল বিভিন্ন সামগ্ৰীৰ আঁৰৰ পৰা জব্দ কৰা হয় । এই জব্দকৃত বটলখিনিৰ বজাৰ মূল্য হ’ব আশী লাখ টকা ।

লগতে পঢ়ক : কাৰ্টনে কাৰ্টনে জব্দ নিষিদ্ধ কফ চিৰাপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.