কাৰ্টনে কাৰ্টনে জব্দ নিষিদ্ধ কফ চিৰাপ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:40 AM IST

thumbnail

কৰিমগঞ্জ, 5 ফেব্ৰুৱাৰী : পুনৰ অসম-ত্ৰিপুৰা আন্তঃৰাজ্য সীমান্ত গেটত জব্দ কৰা হৈছে নিষিদ্ধ কফ চিৰাপ ৷ চুৰাইবাৰী আৰক্ষীয়ে কাৰ্টনে কাৰ্টনে জব্দ কৰে নিষিদ্ধ কফ চিৰাপখিনি ৷ দেওবাৰে নিশা এখন কণ্টেইনাৰৰ পৰা কফ চিৰাপৰ 12 টা কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

চুৰাইবাৰী আৰক্ষীয়ে তালাচী চলাই 12 টা কাৰ্টনৰ পৰা ক’ডেইনযুক্ত প্ৰায় 2,00,0000 টা নিচাযুক্ত কফ চিৰাপৰ বটল জব্দ কৰে ৷ উদ্ধাৰ হোৱা কফ চিৰাপখিনিৰ ক’লা বজাৰ মূল্য 10 লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷ অনলাইন শ্বপিং পাৰ্চেলৰ পেকেটৰ তলত কাৰ্টনকেইটা লুকুৱাই অনা হৈছিল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নিশা চুৰাইবাৰী আৰক্ষীৰ নাকা চেকত UP-21 CN 7656 নম্বৰৰ কণ্টেইনাৰখন উপস্থিত হোৱাৰ পিচতে এই অভিযান চলায় আৰক্ষীয়ে । তাৰ পাচত আৰক্ষীয়ে কণ্টেইনাৰখন চালক উত্তৰ প্ৰদেশৰ ল’ৰীৰ গুলফান আলীক আটক কৰে ৷
ইতিমধ্যে গুলফান আলীৰ সৈতে কণ্টেইনাৰখনো আৰক্ষীয়ে নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কোকৰাঝাৰ আৰক্ষী থানাত মানস চলিহা; কৰা নাই জেৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.