বিদ্যালয়ত পুৱালৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা, সচেতন ৰাইজৰ মাজত ক্ষোভ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 12:55 PM IST

Updated : Jan 27, 2024, 1:51 PM IST

thumbnail

জনিয়া, 27 জানুৱাৰী: কলগাছিয়াৰ পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অৱমাননা কৰা ঘটনা পোহৰলৈ আহিছে । গণৰাজ্য দিৱসৰ পৰৱৰ্তী দিনটো পৰ্যন্ত বিদ্যালয়খনত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী নিতুমনি নাথৰ দ্বায়িত্ব জ্ঞানহীনতাৰ বাবেই এনে হোৱা বুলি স্থানীয় লোকে অভিযোগ তুলিছে । 

কলগাছিয়াস্থিত ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত 1923 নং পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বিদ্যালয়ত চাফাই কৰ্ম চলায় থকাৰ সময়ত স্থানীয় ৰাইজৰ সৈতে দুব্যৱহাৰ কৰাৰ বাবে প্ৰধান শিক্ষয়িত্ৰী নিতুমনি নাথক স্থানীয় এজন যুৱকে প্ৰহাৰ কৰাৰ এক ঘটনা পোহৰলৈ আহিছিল । সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই বিদ্যালয় কৰ্তৃপক্ষই শনিবাৰে ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । 

ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা প্ৰধান শিক্ষয়িত্ৰী নিতুমনি নাথৰ কঠোৰ শাস্তিৰ দাবী কৰিছে ৰাইজে ।

লগতে পঢ়ক: ৰাজ্যজুৰি পালন 75 সংখ্যক গণৰাজ্য দিৱস

Last Updated : Jan 27, 2024, 1:51 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.