ETV Bharat / state

ৰাজ্যজুৰি পালন 75 সংখ্যক গণৰাজ্য দিৱস

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 2:22 PM IST

Updated : Jan 26, 2024, 9:14 PM IST

75th republic day in Assam : শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় 75 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত NCC তথা বিদ্যালয়ৰ বিভিন্ন গোটসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰে ৷

75 th republic day in assam
75 সংখ্যক গণৰাজ্য দিৱস
সমগ্ৰ ৰাজ্যতে পালন কৰা হয় 75 সংখ্যক গণৰাজ্য দিৱস

নিউজ ডেস্ক, 26 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত কছাৰী ময়দানত উলহ-মালহেৰে 75 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । পুৱা 9 বজাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ৷

75 th republic day observed in various parts of assam

পতাকা উত্তোলনৰ পিচতে ৰাইজক উদ্দেশ্য চৰকাৰৰ উন্নয়নমূলক আঁচনি সন্দৰ্ভত ভাষণ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে । ধেমাজিৰ কছাৰী ময়দানৰ পেৰেডত অংশলোৱা আৰক্ষী, গৃহৰক্ষী জোৱান, এন চি চি, বিদ্যালয় আৰু মহাবিদ্যালয়কে ধৰি মুঠ 26 টা কুচকাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাভাৱে 75 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । পুৱা 8.30 বজাত শ্বহীদ বেদীত মাল্যৰ্পন কৰে মাণিকপুৰ অঞ্চলৰ প্ৰবীন সমাজসেৱক তথা বাওঁপন্থী সত্ত্বা শৈলেন ৰায়ে । পতাকা উন্মোচন কৰে মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতিমনি দাসে । দাসে মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়তো পতাকা উন্মোচন কৰে ৷

নলবাৰীতো 75 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । নলবাৰীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই । জিলা প্ৰশাসনৰ দ্বাৰা নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্তগৰাকীক আৰক্ষীকে ধৰি NCC দ্বাৰা কুচকাৱাজ প্ৰদৰ্শনেৰে অভিবাদন প্ৰদান কৰা হয় ।

সমগ্ৰ দেশৰ লগতে গোলাঘাটৰ ধনশিৰি মহকুমাটো এক বিস্তৃত কাৰ্যসূচীৰে 75 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় ৷ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত মহকুমাধিপতি চৈয়দ ৱাছবীৰ ছুভানীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে । সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আৰক্ষী প্ৰশাসনৰ লগতে মহকুমাটোৰ বিদ্যালয়-মহাবিদ্যালয়ৰ দলে অংশ গ্ৰহণ কৰে পেৰেডৰ দলত ।

সমান্তৰালভাৱে, ডিমা হাছাও জিলাক ড্ৰাগছ মুক্ত কৰাৰ আহ্বান দেৱলাল গাৰ্লোচাৰ । 75 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ৷ এই অনুষ্ঠানত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই, আৰক্ষী অধীক্ষক ময়ংক কুমাৰ, পৰিষদৰ সদস্যসকলৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াকে ধৰি বিশিষ্ট নাগৰিকসকল উপস্থিত আছিল ।

ইয়াৰ লগতে হোজাইত প্ৰশাসনৰ উদ্যোগত 75 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । শংকৰদেৱ নগৰৰ কছাৰী মৈয়দানত জিলা আয়ুক্ত লাচিত কুমাৰ দাসে উন্মোচন কৰে পতাকা । পতাকা উত্তোলনৰ পিছত আৰক্ষী আৰু ছাত্র-ছাত্ৰীৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰা হয় ।

কলগাছিয়াতো ৰাজহুৱাভাবে মহকুমা ভিত্তিত পালন কৰা হয় গণৰাজ্য দিৱস । পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতি চন্দনা বৰুৱা বিৰকমিয়াই । গণৰাজ্য দিৱস উপলক্ষে কলগাছিয়া মিনি ষ্টেডিয়ামত কেইবাখনো বিদ্যালয়ৰ প্ৰায় দুই শতাধিক SCC কেডেটসকলে পেৰেড অনুশীলন কৰে ।

অনুষ্ঠানটিত উপস্থিত থাকে জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম, বৰপেটা অসামৰিক চিকিসালয়ৰ অধীক্ষক ড° নাজিৰুল ইছলাম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মেল হুছেইন, বৰপেটা জিলা AIUDF কমিটিৰ সাধাৰণ সম্পাদক খন্দোকাৰ আশ্ৰাফুল মানুন, কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাকে আদি কৰি বহু লোক ৷

লগতে পঢ়ক: গণৰাজ্য দিৱসত মহাত্মা গান্ধী আৰু আম্বেদকাৰক স্মৰণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

Last Updated : Jan 26, 2024, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.