বাজপেয়ী ভৱনত কংগ্ৰেছৰ ২০০ কৰ্মীৰ বিজেপিত যোগদান - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 4:32 PM IST

thumbnail

গুৱাহাটী, ২০ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ ২৪ ঘন্টা নৌহওঁতেই গুৱাহাটীত কংগ্ৰেছৰ ২০০ কৰ্মী-নেতাই শনিবাৰে বিজেপিত যোগদান কৰে । বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত এক যোগদান অনুষ্ঠানত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কংগ্ৰেছৰ কৰ্মীসকলে যোগদান কৰে । কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা‌ কমিটীৰ সাধাৰণ সম্পাদক বিজয় ৰহাং, কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা‌ৰ বিষয়ববীয়া মহম্মদ হুছেইন, যুৱ কংগ্ৰেছৰ গুৱাহাটী জিলাৰ সাধাৰণ সম্পাদক আমিৰ হুছেইন আদিয়ে বিজেপিত যোগদান কৰে ।

এই যোগদান অনুষ্ঠানৰ পিচতে মন্ত্ৰী জয়ন্ত‌ মল্ল‌বৰুৱাই কয়," বিজেপিত‌  যোগদান কৰাৰ‌ বাবে বহুত কংগ্ৰেছীয়ে শাৰীত থিয় হৈ আছে । আচলতে আমি এইক্ষেত্ৰত তেওঁলোকক সময় দিব পৰা নাই ।" ইপিনে, কালি সম্পন্ন হোৱা লোকসভা নিৰ্বাচনত বিজেপিৰ সম্ভাব্য় ফলাফল সন্দৰ্ভত কয়,"পাঁচটা লোকসভা সমষ্টিৰ ভোটৰ সমীক্ষা আমাৰ তাত আহিছে । ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থীয়ে পাঁচটা লোকসভা সমষ্টিতে বিপুল ভোট লাভ কৰা‌ বুলি আমাৰ সমীক্ষাত আহিছে । লখিমপুৰত ৰেকৰ্ড ভংগ কৰি বি‌জে‌পিৰ‌ প্ৰাৰ্থী জয়লাভ কৰিব ।"

লগতে পঢ়ক:বিজেপিয়ে ২৭২ খনতকৈ বেছি আসন লাভ নকৰে : ৰিপুণ বৰা - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.