বিজেপিয়ে ২৭২ খনতকৈ বেছি আসন লাভ নকৰে : ৰিপুণ বৰা - LOK SABHA ELECTION 2024
Barpeta Lok Sabha constituency: বৰপেটা লোকসভা সমষ্টিক লৈ প্ৰস্তুত কৰা প্ৰতিশ্ৰুতি পত্ৰখন মুকলি তৃণমূল কংগ্ৰেছৰ । বৰপেটা জিলা তৃণমূল কংগ্ৰেছ কাৰ্যালয়ত আজি এখন সংবাদমেলত প্ৰতিশ্ৰুতি পত্ৰখন মকলি কৰে সভাপতি ৰিপুণ বৰাই ।

Published : April 19, 2024 at 10:33 PM IST
বৰপেটা, ১৯ এপ্ৰিল: বৰপেটা জিলা তৃণমূল কংগ্ৰেছ কাৰ্যালয়ত আজি এখন সংবাদমেল সম্বোধন কৰে দলটোৰ সভাপতি ৰিপুণ বৰাই । বৰপেটা লোকসভাৰ প্ৰাৰ্থী আবুল কালাম আজাদৰ লগতে লোকসভা সমষ্টিটোৰ আটাইকেইজন জিলা সমিতিৰ সভাপতিৰ উপস্থিতিত আয়োজিত এই সংবাদমেলত ৰিপুণ বৰাই বৰপেটা লোকসভা সমষ্টিক লৈ প্ৰস্তুত কৰা প্ৰতিশ্ৰুতি পত্ৰখন মুকলি কৰে ৷ তেওঁ বৰপেটাৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অর্থনৈতিক পেকেজৰে বৰপেটা মেডিকেল কলেজক ছুপাৰ স্পেচিয়েলিটি চিকিৎসা কেন্দ্ৰলৈ পৰিবৰ্তন কৰা ,ব্ৰহ্মপুত্ৰৰ ওপৰত বৰপেটা-কামৰূপ সংযোগী এখন পকী দলং নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বেঁকী আৰু ব্ৰহ্মপুত্রৰ খহনীয়াৰ স্থায়ী সমাধান, ডিটেনচন কেম্পৰ বিলুপ্তি, 'কা' আৰু 'ডি'ভোটাৰৰ সমস্যা দূৰ কৰি নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
একেদৰে বৃহত্তৰ বৰপেটাৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশ সাধন, বৰপেটা সংসদীয় সমষ্টিত অত্যাধুনিক কৃষি বিশ্ববিদ্যালয় আৰু মীন খণ্ডক শক্তিশালী কৰাৰ বাবে সংসদৰ জৰিয়তে বিশেষ পেকেজৰ ব্যৱস্থা কৰা, দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন আৰু উদ্যোগীকৰণৰ জৰিয়তে যুৱ সৱলীকৰণ, বৰপেটাত এখন কেন্দ্রীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ।
তেওঁ ঔদ্যোগিক আৰু সংশ্লিষ্ট আন্তঃগাঁথনিৰ বাবে বৰপেটাত ঔদ্যোগিক ইষ্টেট স্থাপন কৰি অঞ্চলটোৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপন আৰু অর্থনৈতিক বিকাশ বাবে সদনত দাবী উত্থাপনৰ প্ৰতিশ্ৰতি প্ৰদান কৰে ৷ ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪০০ খন আসন লাভ কৰিব বুলি দাবী কৰা সন্দৰ্ভত ৰিপুণ বৰাই কয়," বিজেপিয়ে দাবী কৰিবই ৷ কিন্তু বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে ৷ ২৭২ খনৰ তলত থাকিব বিজেপিৰ আসন ৷ মানুহক বিভ্ৰান্ত কৰিবৰ বাবে বিজেপিয়ে ৪০০ আসনৰ দাবী কৰি আহিছে ৷ " তেওঁ পুনৰ কয় যে অসমত য'তেই দুৰ্বল প্ৰাৰ্থী দিছে তাতেই আমি প্ৰাৰ্থী দিছো ৷ বৰপেটাত কংগ্ৰেছে দূৰ্বল প্ৰাৰ্থী দিছে ৷"
তেওঁ প্ৰথম পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচন সন্দৰ্ভত কয়," ৰাজ্যত ৫ টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণে প্ৰমান কৰিছে শাসনাধিষ্ঠিত দলৰ প্ৰতি মানুহৰ অনীহা জন্মিছে ৷ শাসনাধিষ্ঠিত দলৰ প্ৰতি ভোটাৰৰ আকৰ্ষণ নাই ৷ ভোটাৰে পৰিবৰ্তন বিচাৰিছে ৷ অভাৰ কাৰেন্টৰ ভেল্যু নাই ৷ মুখ্যমন্ত্ৰীয়ে কোৱা অভাৰ কাৰেন্টে, আণ্ডাৰ কাৰেন্টক টক্কৰ দিব নোৱাৰে ৷ " তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শুক্ৰবাৰে বৰপেটাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় এটাও মুকলি কৰে ৷

