গুৱাহাটীত মোদীৰ বিশাল জনসভা; ডিব্ৰুগড়ত কংগ্ৰেছৰ ক'লা দিৱস

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 9:27 PM IST

thumbnail

মৰাণ, ৪ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত অংশ লৈ ’২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে । আজিৰ অনুষ্ঠানতেই কেইবাটাও বৃহৎ উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীৰ জনসভা অনুষ্ঠিত হোৱা দিনটোত ডিব্ৰুগড়ত কংগ্ৰেছে পালন কৰিলে ক'লা দিৱস । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰা দুৰ্বৃত্তক আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰি সভাপতিৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন ধাৰাৰ গোচৰ তৰাৰ প্ৰতিবাদত আজি ক'লা দিৱস পালন কৰে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীয়ে ।  

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আক্ৰোশমূলকভাৱে ষড়যন্ত্ৰ কৰি কংগ্ৰেছক দুৰ্বল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীয়ে । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত ভূপেন বৰাক কৰা আক্ৰমণক ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীয়ে গৰিহণা দিয়ে । বিজেপিক এনে কাণ্ড পুনৰ সংঘটিত নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন বনমন্ত্ৰী এতুৱা মুণ্ডাকে ধৰি জিলা কংগ্ৰেছৰ সকলো বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজ্যজুৰি কংগ্রেছৰ ক’লা দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.