ETV Bharat / state

ৰাজ্যজুৰি কংগ্রেছৰ ক’লা দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:48 PM IST

Black Day in Assam
ৰাজ্যজুৰি কংগ্রেছৰ ক’লা দিৱস পালন

Black Day in Assam : মোদীময় ৰাজ্য ৷ ইয়াৰ মাজতে দেওবাৰে সমগ্র ৰাজ্যজুৰি কংগ্রেছে পালন কৰে ক’লা দিৱস।

ৰাজ্যজুৰি কংগ্রেছৰ ক’লা দিৱস পালন

লখিমপুৰ, ৪ ফেব্ৰুৱাৰী : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ দিনাই দেওবাৰে ৰাজ্যজুৰি ক'লা দিৱস পালন কৰিছে কংগ্রেছ দলে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাৰ সময়ত অসমত চৰকাৰী বাহিনীয়ে কৰা অত্যাচাৰ, প্ৰদেশ কংগ্রেছৰ সভাপতিক কৰা আক্রমণ, আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰা, গোচৰ জাপি দি সভাপতিক হাৰাশাস্তি কৰা আদিৰ বাবে কংগ্রেছে দেওবাৰে ৰাজ্যজুৰি ক'লা দিৱস পালন কৰে ।

ৰাজ্যৰ প্ৰতিখন জিলাৰ দলীয় মুখ্য কাৰ্যালয়সমূহৰ লগতে প্ৰতিটো ব্লকতে কংগ্রেছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো জিলা কংগ্রেছৰ কাৰ্যালয়ত কংগ্রেছ কৰ্মীসকলে ক'লা দিৱস পালন কৰিছে । এই কাৰ্যসূচীত জিলা কংগ্রেছৰ সভাপতি গগন বৰা, প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই আদিৰ লগতে ভালেমান কংগ্রেছ কৰ্মীয়ে অংশগ্রহণ কৰে ।

এই কাৰ্যসূচীত অংশগ্রহণ কৰি জিলা কংগ্রেছৰ সভাপতি গগন বৰাই কয় চৰকাৰী বাহিনীয়ে কংগ্রেছৰ ওপৰত অত্যাচাৰ কৰিছে। আৰক্ষীয়ে চৰকাৰৰ নিৰ্দেশত কংগ্রেছক হাৰাশাস্তি কৰিছে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্য়ায় যাত্রাৰ সময়ত লখিমপুৰত বেনাৰ পোষ্টাৰসমূহ ফালি পেলোৱা হৈছিল ৷ গুৱাহাটীত কংগ্ৰেছ কৰ্মীৰ ওপৰত লাঠী চার্জ কৰা হৈছিল । জামুগুৰিহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্রমণ কৰা হ’ল। যোৰহাটত কংৰগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গোচৰ দি হাৰাশাস্তি কৰা হ’ল ।

চৰকাৰৰ বিৰুদ্ধে কিবা এটা ক’লেই এতিয়া চৰকাৰৰ ৰোষত পৰিবলগীয়া হয় বুলিও গগন বৰাই ক্ষোভ প্ৰকাশ কৰে । ইয়াৰোপৰি প্ৰদেশ কংগ্রেছৰ সভাপতিক আক্রমণ কৰা কেইজনক এতিয়াও গ্ৰেপ্তাৰ নকৰাত চৰকাৰক ধিক্কাৰ দি অনতিপলমে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.