ETV Bharat / politics

দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী মোদী - Assam BJP

PM Modi Assam Visit: দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বৰঝাৰৰ পৰা কইনাধৰালৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আদৰণি প্ৰধানমন্ত্ৰীক ৷

Narendra Modi in Assam
গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
author img

By ETV Bharat Assamese Team

Published : February 3, 2024 at 7:41 PM IST

Updated : February 3, 2024 at 8:37 PM IST

3 Min Read
দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক/গুৱাহাটী, 3 ফেব্ৰুৱাৰী: গুৱাহাটীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীক শনিবাৰে সন্ধিয়া বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনালে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বিগত এটা সপ্তাহজুৰি যি আয়োজন চলিছিল তাৰ পূৰ্ণ প্ৰতিফলন দেখা গ’ল শনিবাৰে সন্ধিয়া ৷ কিয়নো বৰঝাৰৰ পৰা খানাপাৰা পৰ্যন্ত এই দীঘলীয়া বাটছোৱা প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল ৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে হাজাৰ-হাজাৰ বিজেপি কৰ্মীও পূৰ্ণোদ্যমে নামি পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ ৷ বৰঝাৰত ৰাণৱে’ৰ পৰা বিশাল কনভয় লৈ প্ৰধানমন্ত্ৰীগৰাকী ওলাই অহাৰ দৃশ্য আছিল চাবলগীয়া ৷ কিয়নো পথৰ দুয়োপাৰে বিহু, বাগৰুম্বা আদিকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীতেৰে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছিল ৷ সেয়েহে ঠায়ে-ঠায়ে কনভয় ৰখাই এই সাংস্কৃতিক কাৰ্যসূচী প্ৰধানমন্ত্ৰীগৰাকীয়ে উপভোগ কৰাও পৰিলক্ষিত হয় ৷

37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ কনভয় বৰঝাৰৰ পৰা গুৱাহাটী চহৰৰ মাজেৰেই আগুৱাই আহে খানাপাৰাৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালালৈ ৷ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজি সন্ধিয়া খানাপাৰত প্ৰজ্বলন কৰা হয় এক লাখ বন্তি ৷ আজি নিশাটো কইনাধৰাৰ অতিথিশালাতে কটাব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ আজি নিশা অতিথিশালাত ৰাজ্যিক বিজেপিৰ এখন ক’ৰ কমিটিৰ বৈঠকতো তেওঁ ভাগ ল’ব ৷ ইয়াৰ পিচত দেওবাৰে তেওঁ খানাপাৰাত ভাগ ল’ব এখন বিশাল জনসভাত । উক্ত সভাৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে 11,599 কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ভাৰ্চুৱেলী । মোদীৰ উক্ত সভালৈ পাঁচ হাজাৰ লাখপতি বাইদেউক অনাৰ ব্যৱস্থাও কৰা হৈছে । খানাপাৰাৰ খেলপথাৰৰ সভাখনতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী 1,451 কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু 592 কোটি টকাৰ দোলাবাৰীৰ পৰা জামুগুৰিলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শুভ উদ্বোধন কৰিব ।

আনহাতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিব 498 কোটিটকীয়া মা কামাখ্যা কৰিড'ৰ, 358 কোটিটকীয়া গোপীনাথ বৰদলৈ বিমানবন্দৰ সংযোগী 6 লেন পথ, অসমমালাৰ 3,444 কোটি টকা ব্যয়সম্বলিত 43 টা পথ, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ 3,250 কোটি টকীয়া নতুন ভৱন, 578 কোটি টকাৰ কৰিমগঞ্জ মেডিকেল কলেজ, 830 কোটি টকা ব্যয় সাপেক্ষে ন-ৰূপত নেহৰু ষ্টেডিয়াম, 300 কোটি টকাৰে চন্দ্ৰপুৰত ৰাষ্ট্ৰীয় মানসম্পন্ন ষ্টেডিয়াম আৰু মণিৰাম দেৱান ট্রেড চেণ্টাৰত 297 কোটি টকাৰে দেশৰ বিভিন্ন ৰাজ্যৰ বাবে একতা মল ।

লগতে পঢ়ক: মোদীৰ সভালৈ যোৰহাটৰ পৰা বাইক ৰেলীৰে ৰাওনা যুৱ মৰ্চাৰ তিনি শতাধিক সদস্য

Last Updated : February 3, 2024 at 8:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.