মোৰ বিষয়ে নিৰ্বাচন সন্দৰ্ভত চৰ্চাত থকা বাতৰিটো একেবাৰে ভুৱা : দেৱব্ৰত শইকীয়া

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 2:19 PM IST

thumbnail

নিউজ ডেস্ক, 28 জানুৱাৰী : ‘‘মোক নাজিৰা সমষ্টিৰ ৰাইজে 2026 চনলৈকে তেওঁলোকৰ বহুমূলীয়া ভোট দি সেৱা কৰিবলৈ দায়িত্ব দি থৈছে ৷ এতিয়া আমগুৰিও চামিল হৈছে ৷ আমগুৰিবাসী ৰাইজে বিচাৰিলে মই তেওঁলোকৰ সেৱা কৰিবলৈ মনতে ঠিৰাং কৰি থৈছো ৷ সেয়ে সামাজিক মাধ্যমৰ মোৰ বিষয়ে চৰ্চাত থকা বিষয়বোৰ বৰ্তমানে মই চিন্তা কৰা নাই ৷’’ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেওঁৰ বিষয়ে চৰ্চাত থকা বিষয়ৰ ওপৰত এনে মন্তব্য প্ৰদান কৰে ৷

লগতে তেওঁ কয়, ‘‘এই বাতৰিটো একেবাৰে ভুৱা ৷ কাক কাক বিচাৰিছে ৰাইজে সেই সন্দৰ্ভত এখন তালিকা ওলায় ৷ খুব সম্ভৱত তিনিজনীয়া তালিকা হ’ব ৷ সেই তালিকা অনুসৰি প্ৰদেশ নিৰ্বাচনী কমিটিয়ে বিবেচনা কৰি কেন্দ্ৰীয় সমিটিলৈ পঠিওৱা হ’ব ৷ আমাৰ কংগ্ৰেছ দলৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আছে ৷ সেই প্ৰক্ৰিয়াৰ ওপৰত আমি গ’লে কংগ্ৰেছ দলক কুঠাৰঘাট কৰা হ’ব ৷ সেয়া মই কেতিয়াও নকৰো’’ ৷

লগতে পঢ়ক : কংগ্ৰেছী আৰু প্ৰাক্তন ছাত্ৰ নেতাৰে বিজেপিৰ আজি বৃহৎ যোগদান সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.