মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰিছে : গৌৰৱ গগৈ - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 10:56 PM IST

thumbnail

যোৰহাট, ১২ এপ্ৰিল: ৰঙালী বিহুৰ উৰুকাৰ ব্যস্ততাৰে ভৰা যোৰহাট নগৰ মাজেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হেজাৰ হেজাৰ সমৰ্থকক লগত লৈ পদযাত্ৰা কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে গ্ৰামাঞ্চলৰ মাজেৰে এক বিশাল নিৰ্বাচনী ৰেলী উলিয়ায় । উক্ত ৰেলীত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয়,"এই নিৰ্বাচন এতিয়া সাধাৰণ নিৰ্বাচন হৈ থকা নাই । এতিয়া যোৰহাটবাসী ৰাইজৰ স্বাভিমানৰ নিৰ্বাচন হৈ পৰিছে । এই নিৰ্বাচনত যোৰহাটৰ ৰাইজ নিজে গৌৰৱ গগৈৰ পক্ষত আহি সঁহাৰি দিছে । "  

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে উৰুকাৰ দিনা যোৰহাট নগৰৰ মাজেৰে যোৰহাটৰ ৰাইজক কষ্ট দি ৰেলী কৰি ৰাইজক হাৰাশাস্তিৰ সন্মুখীন কৰাইছে । তাৰ পৰিৱৰ্তে কংগ্ৰেছে ৰাইজক কোনো আমনি নকৰি গাঁৱে-ভূঞে ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰ কৰিছে । ৰাইজে এতিয়া বুজি উঠিছে কাৰ পক্ষত থিয় দিব লাগে ।  

গৌৰৱ গগৈয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰিছে । ৰাহুল গান্ধী অসমলৈ আহি বৰদোৱা দর্শন কৰিবলৈ বিচাৰোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাধা দিলে । 

লগতে পঢ়ক:একাষৰীয়া উৰুকাৰ বজাৰ : যোৰহাটত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.