গৌৰীসাগৰত যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 4:17 PM IST

thumbnail

আমগুৰি, ২৮ মাৰ্চ:  ৰাজ্যজুৰি নিৰ্বাচনৰ গৰম বতাহ ৷ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে উঠি পৰি লাগিছে শাসকীয়-বিৰোধী ৰাজনৈতিক দলসমূহ ৷ শিৱসাগৰৰ গৌৰীসাগৰত যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে উপস্থিত হৈ হাতীঘূলি নামঘৰত সেৱা লয় ৷ তাৰ পিচতে প্ৰাৰ্থীগৰাকীয়ে গৌৰীসাগৰৰ গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ চলায় ৷

গৌৰৱ গগৈয়ে সংবাদমাধ্যমক সাক্ষাৎ কৰি কয় যে, আমগুৰিলৈ আহিলেই তেওঁৰ প্ৰয়াত অঞ্জন দত্তলৈ মনত পৰে । অঞ্জন দত্তই যোগাত্মক দৃষ্টিৰে কংগ্ৰেছক আগুৱাই নিছিল। মুখ্যমন্ত্ৰীক অহংকাৰী বুলি আখ্যা দিয়ে গৌৰৱ গগৈয়ে । ৰামায়ণৰ ৰাৱনৰ সৈতে গৌৰৱ গগৈয়ে তুলনা কৰে মুখ্যমন্ত্ৰীগৰাকীক । ৰামায়ণৰ ৰাৱনৰ দৰেই বিজেপি চৰকাৰৰ অহংকাৰ পতন হ'ব বুলি মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ৷

লগতে পীযুষ হাজৰিকাই গৌৰৱ গগৈক পেৰাচ্যুট লেণ্ডিং কৰা বুলি কৰা মন্তব্য সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,  প্ৰকৃত বিজেপিসকলে এইবিলাক নকয় । পুৰণি বিজেপিসকলক আঁতৰাই এতিয়া এজন মন্ত্ৰীয়ে এনেবিলাক কথা কৈ থাকে। মুখ্যমন্ত্ৰীয়ে খোদ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক: কা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে - CITIZENSHIP AMENDMENT ACT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.