ৰাইজৰ ওপৰত ডাংকোপ মাৰি অহংকাৰী মনোভাৱেৰে কংগ্ৰেছে কথা নকয় : দীপ বায়ন - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 9:18 PM IST

thumbnail

নলবাৰী, 29 মাৰ্চ : বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে তীব্ৰ গতিত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ সমষ্টিটোৰ ঠায়ে ঠায়ে ৰাইজৰ মাজত প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷ তেওঁ কয় যে, বৰপেটা লোকসভা সমষ্টিৰ ৰাইজ যথেষ্ঠ সচেতন আৰু সজাগ ৷ কাক ভোট দিব লাগে বা নালাগে সেই কথা সমষ্টিবাসী ৰাইজে জানে আৰু অনাগত দিনত সেইদৰেই ৰাইজে ভোট দিব বুলি কয় তেওঁ ৷  

ইফালে বৰপেটা সমষ্টিৰ আন দুজন প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ আৰু দুলু আহমেদকো কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷ দুলু আহমেদক কটাক্ষ কৰি তেওঁ কয় যে ৰাইজেই ৰজা ৷ সকলো ৰাইজেই নিৰ্ধাৰণ কৰিব ৷ ৰাইজে মনত কি লৈ আছে সেইটোৰ ওপৰত ডাংকোপ মাৰি অহংকাৰী মনোভাৱেৰে কংগ্ৰেছে কথা নকয় ৷ কোন তিনি নম্বৰত থাকিব, কোন এক নম্বৰত বিপুল ভোটত জয়লাভ কৰিব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : মাজুলীত তপন কুমাৰ গগৈৰ প্ৰচাৰ তুংগত - Lok Sabha Election 2024 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.