মাজুলীত তপন কুমাৰ গগৈৰ প্ৰচাৰ তুংগত - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 7:23 PM IST

thumbnail

মাজুলী, ২৯ মাৰ্চ: মনোনয়ন পত্র দাখিল কৰাৰ পাচত আজি মাজুলীত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ । মাজুলীত কেইবাখনো নিৰ্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। এই প্রচাৰ সভাৰ মাজতে আজি মায়ামৰা আজলি আই ( বা ভগা) থানত অনুষ্ঠিত মহিয়সী নাৰী "আজলি আই দিৱস"ত আজলি আইৰ লগতে ভকত বৈষ্ণব,আই সকলৰ আশীর্বাদ বিচাৰে প্ৰাৰ্থী গৰাকীয়ে ।

প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কয় ভাৰতীয় জনতা পার্টি উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিবৰ বাবে সদায় প্রস্তুত । তেওঁ কয় যে এই উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিবৰ বাবে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হ'ব লাগিব । নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত কৰিবলৈ যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীক ৰাইজে জয়ী কৰি পঠিয়াব লাগিব ।  তেওঁ কয়,"ৰাইজে মোক মৰম দিছে যাৰ বাবে বিপুল সংখ্যক ভোটত জিকিম।" মাজুলীত ৰাইজৰ সঁহাৰি বহুত ভাল বুলি তেওঁ কয় ।

লগতে পঢ়ক:যোৰহাটৰ দুই প্ৰতিদ্বন্দ্বী: কিমান ধনী গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈ ? - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.