তিনিচুকীয়া আছুৰ ডুমডুমা অধিবেশনৰ সামৰণিৰ দিনটোত বিশাল সাংস্কৃতিক শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 7:22 PM IST

thumbnail

তিনিচুকীয়া, ৪ ফেব্ৰুৱাৰী: সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ ডুমডুমা অধিবেশনৰ সামৰণিৰ দিনটোত চহৰখনৰ মাজেৰে বাহিৰ কৰে এক সাংস্কৃতিক সমন্বয় যাত্ৰা । ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰৰ পৰা উলিওৱা সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাটো শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷  

লগতে উক্ত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা নয়ন নীলিমে ৷ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে অভিনেতাগৰাকী । তিনিচুকীয়া জিলাখনৰ লগতে বাহিৰৰ পৰা অহা বহুকেইটা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাটো আকৰ্ষণীয় হৈ পৰে ৷ ইয়াৰে পৰা আছুৰ সভাপতি-সম্পাদক দুয়োয়ে আছুৱে ৰাইজৰ পক্ষত থাকি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক: কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ সন্মান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.