উজনিমুৱা নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত ছাত্ৰ নিহত

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 3:57 PM IST

thumbnail

মৰাণ, 7 ফেব্ৰুৱাৰী : মৰাণ মহাবিদ্যালয়ৰ সন্মুখত ভয়ংকৰ অঘটন । ৰে'লৰ খুন্দাত নিহত হয় এগৰাকী ছাত্ৰ । 15669 নম্বৰৰ উজনিমুৱা নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত নিহত হয় ছাত্ৰজন । নিহত ছাত্ৰজন পানীতোলাৰ ৰাহুল চাংমাই বুলি জানিব পৰা গৈছে । ৰাহুল মৰাণ ITI ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ৰে’ল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ লৈ প্ৰেৰণ কৰিছে । ছাত্ৰজনে বন্ধু এজনৰ লগত গৈ থকা অৱস্থাত হেডফোন লৈ ফোনত ব্যস্ত থকা বাবেই এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ মৰাণ মহাবিদ্যালয়ৰ সন্মুখতেই এই ঘটনা সংঘটিত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ছাত্ৰজনৰ মৃত্যুত ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : কলিয়াবৰ-গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.