ETV Bharat / state

কলিয়াবৰ-গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 12:51 PM IST

Road accidents in of Assam: একেনিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত কেইবাটাও পথ দুৰ্ঘটনা । কলিয়াবৰত দুটাকৈ দুৰ্ঘটনাত আহত কেইবাজনো । মহানগৰীত সংঘটিত পথ দুৰ্ঘটনাটো প্ৰাণ হেৰুৱালে দুজনে ।

Fatal road accidents in different parts of Assam
কলিয়াবৰ, গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা
কলিয়াবৰ, গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰ/গুৱাহাটী, ৭ ফেব্ৰুৱাৰী: মঙলবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । একেনিশাই কলিয়াবৰত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা । নিশা কলিয়াবৰৰ মিছাৰ নিৰ্মীয়মাণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । ডিজেল ভৰ্তি টেংকাৰ আৰু আলট্ৰা বাছৰ মুখামুখী সংঘৰ্ষ । সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত দুয়োখন বাহনৰ চালক আৰু হেণ্ডিমেন ।

জানিব পৰা মতে, নুমলীগড়ৰ পৰা নগাঁও অভিমুখে গৈ থকা তেলভৰ্তি টেংকাৰখনে নগাঁৱৰ পৰা কলিয়াবৰ অভিমুখে আহি থকা আলট্ৰাখনত খুন্দা মাৰে । দুৰ্ঘটনা সংঘটিত হোৱা টেংকাৰ খনৰ নম্বৰ হ'ল AS-01-DD-4585 আৰু আলট্ৰা বাছখনৰ নম্বৰ হ'ল AS-01-KC-8840 । বাছখনৰ থকা মাধৱ তালুকদাৰ নামৰ গৃহৰক্ষী জোৱান এজনো গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ।

আনহাতে, কলিয়াবৰ তিনিআলিটো পুৱতি নিশা সংঘটিত হয় আন এক পথ দুৰ্ঘটনা । বিবাহ অনুষ্ঠান সম্পন্ন কৰি তেজপুৰৰ পৰা বোকাখাটলৈ আহি থকা অৱস্থাতে অৰ্দ্ধনিৰ্মিত উৰণসেতুৰ ডিভাইডাৰত AS-02S-0351 নম্বৰৰ বাহনখনে খুন্দা মৰাত সংঘটিত হয় উক্ত দুৰ্ঘটনা । এই দুৰ্ঘটনাত আহতসকলক শান্তনু গোস্বামী, কেশৱ গোস্বামী, মিন্টু তাঁতী আৰু কুলদীপ বুলি চিনাক্ত কৰা হয় ।

ইফালে, মহানগৰীৰ বি বৰুৱা ৰোডত নিশাৰ ভাগতে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুখন মটৰ চাইকেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখনৰ নম্বৰ হৈছে AS07H5266, AS01BW2170 । দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুজন লোক । নিহত লোক দুজন শিলপুখুৰীৰ নিৱাসী ৰাকেশ দাস আৰু পৰমেশ্বৰ ডেকা ।

সম্পৰ্কত মৃত দুয়োজন লোক ভিনিহি আৰু খুলশালী বুলি জানিব পৰা গৈছে । দুয়োজনে এটা ঔষধ কোম্পানীত একেলগে কাম কৰিছিল । জানিব পৰা মতে, নিশা প্ৰায় ১২ বজাত নিজৰ কৰ্তব্য সমাপন কৰি আহি থকা অৱস্থাত বি বৰুৱা কলেজৰ সমীপৰ উৰণ সেতুৰ ওপৰত দুৰ্ঘটনা পতিত হয় । থিতাতে দুজন লোকৰ মৃত্যু হোৱাৰ লগতে সংকটজনক অৱস্থাত আন দুজনক ভৰ্তি কৰোৱা হয় GMCH ত ।

লগতে পঢ়ক : ৰাজ্যৰ দুই স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.