ETV Bharat / state

ৰাজ্যৰ দুই স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 8:51 AM IST

Road accident: মঙলবাৰে ৰাজ্যৰ দুই স্থানত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । শিলচৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল পথ নিৰ্মাণৰ বাবে পিটছ কঢ়িয়াই অনা এখন টেংকাৰ । ইফালে শোণিতপুৰত পথৰ কাষৰ গছত খুন্দা মাৰি থিতাতে নিহত দুই যুৱক ।

Fatal road accidents at two places in Assam
ৰাজ্যৰ দুই স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰাজ্যৰ দুই স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা

শিলচৰ/চতিয়া, ৭ ফেব্ৰুৱাৰী: মঙলবাৰে শিলচৰৰ ৰামনগৰ বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । পথ নিৰ্মাণৰ বাবে পিটছ কঢ়িয়াই নিয়া এখন টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ কাষত । শিলচৰৰ ৰামনগৰ বাইপাছত সংঘটিত হোৱা এই দুৰ্ঘটনাত বাহনখনৰ চালক আৰু হেণ্ডিমেনগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও দুয়োজন গুৰুতৰভাৱে আহত হয় ।

ইয়াৰ পাচতে স্থানীয় লোকে আহত দুয়ো চালক, হেণ্ডিমেনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংগঠিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী । তাৰ পাচত আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন ।

আনহাতে, শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিৱেশৰ অন্তৰ্গত তথা জামুগুৰিহাটৰ গোঁসাইচুকত মঙলবাৰে সন্ধিয়া সংগঠিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ যুৱক । জানিব পৰা মতে, মঙলবাৰে বিয়লি প্ৰায় ৬ বজাত অঞ্চলটোৰ ধলাইবিলস্থিত দৰ্জিবস্তিৰ পৰা ডম্বৰু গগৈ আৰু সূৰ্য কাৰ্কী নামৰ লোক দুজনৰ পুত্ৰ অসীম গগৈ আৰু বিজয় কাৰ্কীয়ে এখন AS-০৩-AA-৭০৯০ নম্বৰৰ KTM ডিউক বাইকৰে এটা গাঁৱলীয়া পথেৰে জামুগুৰিহাট দিশে গৈ আছিল ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি তীব্ৰ বেগত গৈ থকা বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই গোঁসাইচুকৰ মিলন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পথৰ কাষত থকা এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰে । উক্ত দুৰ্ঘটনাতে থিতাতে নিহত হয় দুয়োজন বাইক আৰোহী । ঘটনাৰ পিচত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত দুয়োকে উত্তৰ জামুগুৰি চিকিৎসালয়লৈ ১০৮ ৰ সহায়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে ।

লগতে পঢ়ক: পৰকীয়া প্ৰেমৰ বাবে বিজেপি ৱাৰ্ড মেম্বাৰৰ ঘৰত আক্ৰমণ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.