ৰাহুল গান্ধী য'লৈকে যাব তাতে বিজেপিৰ ভাল হ’ব: হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:59 PM IST

thumbnail

মৰাণ, 28 জানুৱাৰী : "ৰাহুল গান্ধী এতিয়া বিজেপিৰ বাবেহে ষ্টাৰ কেম্পেইনাৰ, ৰাহুল য’লৈকে যাব তাতে বিজেপিৰ ভাল হ’ব ৷" পুনৰ ৰাহুল গান্ধীৰ সন্দৰ্ভত আক্ৰমণাত্মক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

ভাৰত জোড়ো যাত্ৰাৰ পাচত সমগ্ৰ দেশজুৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা লগতেই ঠায়ে ঠায়ে বাধাৰ সন্মুখীন হৈছিল । দেওবাৰে ডিব্ৰুগড়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাক সমালোচনা কৰি কয় যে, ৰাহুল গান্ধী যি ঠাইলৈকে যাব, তাতেই কংগ্ৰেছ শেষ হ'ব । কংগ্ৰেছৰ যি সমৰ্থক আছিল সেইয়াও নাথাকিব । ৰাহুল গান্ধীৰ নেতৃত্ব লোৱাৰ কোনো গুণ নাই । ৰাহুল গান্ধীয়ে য'তেই ভৰি থয়, সেই ঠাইয়েই বিজেপিৰ বাবে ভাল হৈ যায় । ৰাহুল গান্ধী বিজেপিৰ বাবে ষ্টাৰ কেম্পেইনাৰ । ন্যায় যাত্ৰাৰ পাচত বিজেপিয়ে লোকসভা নিৰ্বাচনত অধিক ভাল প্ৰদৰ্শন কৰিব । 

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে ‘কা’ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, 'কা' ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন । ন্যায়ালয়ে যি ৰায় দিয়ে তাক বিজেপিয়েও মানি ল'ব আৰু আন্দোলনকাৰীসকলেও মানি ল'ব ৷

লগতে পঢ়ক: চিৰাঙৰ কাজলগাঁৱত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.