গুৱাহাটীৰ মাজেৰে নোযোৱাকৈ নগাঁৱৰ পৰা বৰপেটা ৰকেট লৈ পালেগৈ নেকি : মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 8:00 PM IST

thumbnail

আমগুৰি, 24 জানুৱাৰী : "যেতিয়া কোনো এখন ৰাজ্যত অতিথি হৈ আহে, তেতিয়া সেই ৰাজ্যৰ চৰকাৰৰ নিয়ম মানিব লাগিব ৷" ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি শিৱসাগৰ জিলাৰ নাজিৰাত উপস্থিত হৈ সাংবাদিকে সোধা প্ৰশ্নত এইদৰে কয় মুখ্যমন্ত্ৰীজনে ৷

তেওঁ কয় যে, কংগ্ৰেছে গুৱাহাটীত প্ৰৱেশ কৰাত বাধা দিয়া বুলি অভিযোগ কৰিছে ৷ কিন্তু গুৱাহাটী পাৰ নোহোৱাকৈ উজনিৰ পৰা নামনিলৈ যাব পাৰি নেকি বুলি কয় তেওঁ ৷ তেওঁলোকে আজি বৰপেটা পালেগৈ, নগাঁৱৰ পৰা ৰকেট লৈ পালেগৈ নেকি ? গুৱাহাটীৰ মাজেদিয়েই বৰপেটালৈ গ’ল বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য আজি নাজিৰা চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 7,150 হাজাৰ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰে ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীজনে কয় যে, নাজিৰা সমষ্টিত 34,584 গৰাকী হিতাধীকাৰীয়ে লাভ কৰিব 5 কেজিকৈ চাউল ৷ তদুপৰি নাজিৰা সমষ্টিৰ ৰাইজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক : ৰাহুল গান্ধীৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.