ETV Bharat / politics

ৰাহুল গান্ধীৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত গোচৰ ৰুজু

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 10:20 PM IST

Updated : Jan 24, 2024, 10:10 AM IST

Rahul Gandhi: গোচৰ ৰুজু কৰা হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৷ ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ যাত্ৰীসকলক উচটনি দিয়া অভিযোগত অভিযুক্ত কৰা হ’ল কংগ্ৰেছ নেতাগৰাকীক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতে বশিষ্ঠ থানাত ৰুজু কৰা হয় গোচৰ ৷

Case against Rahul Gandhi
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু

গুৱাহাটী, 23 জানুৱাৰী: মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি আৰক্ষীয়ে অভিযুক্ত কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷ কংগ্ৰেছ নেতাগৰাকীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো ন্যায় যাত্ৰাই আইন-শৃংখলা ভংগ কৰাৰ অভিযোগত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ ৷

অসমত প্ৰৱেশ কৰিয়েই ইটোৰ পিচত সিটো বাধাৰ সন্মুখীন হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰা সোমাই পৰিল আইনী মেৰপেচত ৷ শাসকীয় পক্ষৰ কঠোৰ সমালোচনাৰ উপৰিও আৰক্ষী-প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰাত ৷ প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা উলংঘা কৰাৰ অপৰাধত মঙলবাৰে চৰকাৰ তথা ৰাজ্যৰ আৰক্ষী বিভাগৰ ৰোষত পৰিল ন্যায়যাত্ৰীসকল ৷ ফলত নেতৃত্ব বহনকাৰী নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে ৷

ন্যায় যাত্ৰাৰ যাত্ৰীসকলক উচটনি দিয়াৰ অভিযোগত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ ইয়াৰ আঁৰত আছে মঙলবাৰে গুৱাহাটীত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি, য’ত আৰক্ষী আৰু ন্যায়যাত্ৰীসকলৰ মাজত এক প্ৰকাৰে সংঘৰ্ষৰ সৃষ্টি হয় আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হয় ৷ তদুপৰি আৰক্ষীৰ বেৰিকেট ভাঙি বলপূৰ্বকভাৱে মহানগৰীত ন্যায় যাত্ৰা কৰিবলৈও ন্যায়যাত্ৰীসকল উদ্যত হোৱা পৰিলক্ষিত হৈছিল মঙলবাৰৰ দিনটোত ৷

ইয়াৰ পিচতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰা দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সযোগে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক নিৰ্দেশ দিয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ ৷ তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মানি আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক্সযোগে জানিবলৈ দিয়ে ৷

আনহাতে এক বিশেষ কাৰ্যসূচী লৈ মঙলবাৰে গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যমৰ আগতো মন্তব্য কৰে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব আৰু লোকসভা নিৰ্বাচনৰ পিচতে কংগ্ৰেছ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ব ৷ কাজেই মঙবাৰে সন্ধিয়া উচতনিমূলক মন্তব্য প্ৰদানৰ অভিযোগত অভিযুক্ত কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বশিষ্ঠ থানাত এক ফৌজদাৰী গোচৰ ৰুজু কৰা হয় ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পিচতেই গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী : মুখ্যমন্ত্ৰী

Last Updated : Jan 24, 2024, 10:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.