২০২৬ চনলৈ অসমত কংগ্ৰেছ নাথাকে: মুখ্যমন্ত্ৰী - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 9:53 PM IST

thumbnail

ধেমাজি, ১৩ এপ্ৰিল: ৰঙালী বিহুৰ আনন্দৰ মাজতে সমাগত লোকসভা নিৰ্বাচনৰ বাবে আজি ঢকুৱাখনাত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ শনিবাৰে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে । বিধায়ক নৱ কুমাৰ দলেৰ লগতে সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে কৰা উন্নয়ন আৰু বিকাশৰ কথা উল্লেখ কৰে। সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়," ২০২৬ চনলৈ অসমত কংগ্ৰেছ নাথাকে । "

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পিচত ৫০ হাজাৰক চাকৰি দিব বুলি বক্তব্য আগবঢ়ায় । মুখ্যমন্ত্ৰীগৰাকীয়ে ঢকুৱাখনাত প্ৰদান বৰুৱাৰ হৈ চলোৱা প্ৰচাৰত পাৰভঙা উচাহ-উদ্দীপনা দেখিবলৈ পোৱা বুলি কয় । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ ঢকুৱাখনাত অভিলেখ সংখ্য়ক ভোটত আগবাঢ়িব বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা । ইপিলে,মুখ্যমন্ত্ৰীয়ে তেওঁৰ শাৰীৰিক শক্তি সন্দৰ্ভত কয়," ৰাইজৰ আশীৰ্বাদেই মোৰ শক্তি । ৰাইজৰ ইতিবাচক চিন্তাই মোক আশীৰ্বাদ দিয়ে ।" 

লগতে পঢ়ক:পৰাজিত লোকেহে ই ভি এমৰ বিসংগতি থকা বুলি কয় : হিমন্ত বিশ্ব শৰ্মা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.