হাতত ধৰি ভাগিনক হেলিকপ্টাৰ দেখুৱালে মুখ্যমন্ত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:19 PM IST

thumbnail

কলিয়াবৰ, 2 ফেব্ৰুৱাৰী : এইবাৰ মামাৰ হাতত ধৰি হেলিকপ্টাৰৰ চালে ভাগিনে ৷ মামাৰ হেলিকপ্টাৰৰ আৰোহী হ’ল মাদ্ৰাছাৰ ছাত্ৰ ৷ মামাই হাতত ধৰি হেলিকপ্টাৰ দেখুৱালে মৰমৰ ভাগিনক ৷

কলিয়াবৰৰ বাগৰিত কাজিৰঙাৰ সমীপত মুখ্যমন্ত্ৰীৰ হেলিকপ্তাৰৰ আৰোহী হ'ল একাংশ মাদ্ৰাছাৰ ছাত্ৰ ৷ বাগৰিত মাদ্ৰাছাৰ ছাত্ৰৰ সৈতে কথা পাতিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কুঠৰী মাদ্ৰাছাৰ একাংশ ছাত্ৰৰ পৰা মুখ্যমন্ত্ৰীয়ে বুজ ল'লে মাদ্ৰাছাৰ শৈক্ষিক অৱস্থাৰ বিষয়ে ৷ ছাত্ৰ সকলৰ লগত মত বিনিময় কৰি তেওঁলোকক নিজৰ হেলিকপ্তাৰত উঠাৰো ব্যৱস্থা কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, আজি কলিয়াবৰৰ কাজিৰঙাৰ সমীপত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাৰ একাংশ ছাত্ৰৰ সৈতে বাৰ্তালাপ কৰা পৰিলক্ষিত হয় ৷ মাদ্ৰাছাত অধ্যয়ন কৰা ছাত্ৰসকলৰ অভাৱ-অভিযোগ, পঢ়া-শুনাৰ বিষয়ে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ ওচৰৰ পৰা চোৱাৰ ইচ্ছা প্ৰকাশ কৰাত ছাত্ৰসকলক এই সুবিধা প্ৰদান কৰাৰ লগতে পেলিকপ্টাৰত উঠাৰো সুযোগ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ছাত্ৰ সকলে অধ্যয়ন কৰি ভৱিষ্যতে নিজৰ হেলিকপ্টাৰত উঠি আকাশ চুব পৰাকৈ সমৰ্থৱান হ'ব বুলি আশা প্ৰকাশ কৰে ৷ 
 

লগতে পঢ়ক : সম্পূৰ্ণ ভাৰত ভ্ৰমণৰ উদ্দেশ্যৰে মাজুলী পালেহি বেংগালুৰুৰ এজন যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.