ধুবুৰীত আজমলক হৰুৱাবলৈ দৃঢ় বিশ্বাসী ৰকিবুল হুছেইন

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:56 PM IST

thumbnail

চামগুৰি, 16 ফেব্ৰুৱাৰী: নগাঁও জিলাৰ লৰিমূখত দলীয় সভাত অংশগ্ৰহণ বিধায়ক ৰকিবুল হুছেইন ৷ সংবাদ মাধ্যমৰ সমুখত মুখ্যমন্ত্ৰী তথা একালৰ নলে-গলে লগা বন্ধু হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ কংগ্ৰেছৰ নিৰ্বাচনী কুচকাৱাজ দেখি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভয় খোৱা বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ভয় খোৱাটোৱে প্ৰমাণ কৰে যে এইবাৰ লোকসভা নিৰ্বাচনত অসমত বিজেপিৰ বিপৰ্যয় নিশ্চিত ৷

ইফালে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফকো তীব্ৰ সমালোচনা কৰি ৰকিবুল হুছেইনে কয় যে ধুবুৰীত দলে প্ৰাৰ্থিত্ব দিলে আজমলক তেওঁ পৰাস্ত কৰিব ৷ এই কথা মুখ্যমন্ত্ৰীয়েও গম পাইছে বুলি মন্তব্য কৰে বিধায়কজনে ৷ সাংবাদিকে লোকসভাত ক’ৰ পৰা নিৰ্বাচন খেলিব বুলি সোধাত তেওঁ কয় যে দলে য’তেই প্ৰক্ষেপ কৰে তাৰ পৰাই তেওঁ নিৰ্বাচন খেলিব ৷ কংগ্ৰেছ নেতাৰ দল ত্যাগৰ বিষয়টোত তেওঁ কয় যে মুখ্যমন্ত্ৰীজনেই দল বাগৰা ৷ বিজেপিৰ প্ৰায় সকলো মন্ত্ৰীয়েই কংগ্ৰেছৰ ৷ পুৰণি তথা প্ৰকৃত বিজেপি সদস্যসকলৰ প্ৰতি সহমৰ্মিতাও প্ৰকাশ কৰে বিধায়ক হুছেইনে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ কোন কোন নেতাই নিশা হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল ? ক’ব দাদু টায়েই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.