আৰক্ষী প্ৰশিক্ষণ শিবিৰতে অঘটন

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:04 AM IST

thumbnail

যোৰহাট, ৪ ফ্ৰেব্ৰুৱাৰী : দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত শনিবাৰে নিশা নগা আৰু মণিপুৰৰ দুটা আৰক্ষী গোটৰ মাজত সৃষ্টি হয় এক অনাকাংক্ষিত ঘটনা । এক সামান্য কথাতে এটা ফৈদে আনটো ফৈদক আক্ৰমণৰ লক্ষ্য কৰি লয় । ফলত দুয়ো পক্ষৰ আক্ৰমণত ৭ জনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হয় ।

আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰথমে দেৰগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে অন্য তিনিজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ স্থানান্তৰ কৰা হয় । আঘাতপ্ৰাপ্ত ৩ জন আৰক্ষী অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে JMCH কৰ্তৃপক্ষই ।

আনহাতে আঘাতপ্ৰাপ্ত ৭ জনৰ ভিতৰত নিশাই ৪ জনক প্ৰাথমিক চিকিৎসা অন্তত আৰক্ষী প্ৰশিক্ষণ শিবিৰলৈ যাবলৈ দিয়া হয় । শনিবাৰে নিশা পুলিচ একাডেমী ভিতৰত আৰক্ষী আৰু আৰক্ষী মাজত সংঘটিত হোৱা মাৰপিটত দুয়ো পক্ষই চোকা অস্ত্ৰৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে কি কাৰণত এই ঘটনা সংঘটিত হ'ল, সেয়া বৰ্তমান পৰ্যন্ত পোহৰলৈ অহা নাই ।  

লগতে পঢ়ক: দৰং মহাবিদ্যালয়ত চিআইডিৰ তদন্তকাৰী দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.