ETV Bharat / state

দৰং মহাবিদ্যালয়ত চিআইডিৰ তদন্তকাৰী দল

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:23 PM IST

Darrang College: শনিবাৰে দৰং মহাবিদ্যালয়ত উপস্থিত হয় চিআইডিৰ এটা দল ৷ তিনিগৰাকী প্ৰৱক্তাৰ জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত উঠা অভিযোগৰ ভিত্তিত তদন্তকাৰী দলটো উপস্থিত হয় ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত ৷

Darrang College
দৰং মহাবিদ্যালয়

তেজপুৰ, ৩ ফেব্ৰুৱাৰীঃ শনিবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত চলিল চি আই ডিৰ অভিযান । মহাবিদ্যালয়খনৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু দুগৰাকী কৰ্মৰত প্ৰৱক্তাৰ জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত উক্ত অভিযান চলায় তদন্তকাৰী দলটোৱে ৷

উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ বৰ্তমানৰ প্ৰৱক্তা দুগৰাকীৰ লগত প্ৰাক্তন প্ৰৱক্তাগৰাকীয়ে মহাবিদ্যালয়খনত যোগদানৰ সময়ত দাখিল কৰা অনুসুচিত জাতিৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছিল ৷ সেই সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পিচতে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত চিআইডিৰ তদন্তকাৰী দলটো উপস্থিত হোৱা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ পলাশমণি শইকীয়াই ।

মহাবিদ্যায়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ ক্ষীৰেন্দ্ৰ নাথ হালৈৰ উপৰিও ৰসায়ন বিভাগৰ বৰ্তমানৰ প্ৰৱক্তা টুম্পা পাল আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰৱক্তা অৰ্চনা হালৈৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ বাবে উপস্থিত হয় চি আই ডিৰ দলটো ৷

উল্লেখযোগ্য যে, চি আই ডিৰ দলটোৱে এই সন্দৰ্ভত মহাবিদ্যালয়ত সেই সময়ত উপস্থিত থকা প্ৰৱক্তা টুম্পা পালক সোধপোচ কৰাৰ লগতে ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা পৰীক্ষাৰ বহিঃনিৰীক্ষক হিচাপে যোৱা দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰৱক্তা হালৈৰ সৈতে ফোনযোগে কথা পাতে ৷

আনহাতে অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ক্ষীৰেন্দ্ৰ নাথ হালৈ মহাবিদ্যালয়ত উপস্থিত হৈ চিআইডিৰ দলটোৰ সৈতে মুখামুখি হয় ৷ তিনিওগৰাকী অভিযুক্তই চি আই ডিৰ দলটোৱে বিচৰা মতে প্ৰয়োজনীয় নথি-পত্ৰসমূহ প্ৰদান কৰে ৷

প্ৰণিধানযোগ্য যে, তিনিওগৰাকীৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সন্দেহজনক বুলি সদৌ অসম অনুসুচিত জাতি পৰিষদে অভিযোগ উত্থাপন কৰিছিল ৷ উক্ত অভিযোগৰ ভিত্তিতে আজি চিআইডিৰ জ্যেষ্ঠ বিষয়া সঞ্জীৱ কুমাৰ হালৈৰ নেতৃত্বত তদন্তকাৰী দলটো দৰং মহাবিদ্যালয়ত উপস্থিত হয় ৷

লগতে পঢ়ক: দৰং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.