মৰিগাঁৱত আশীৰ্বাদ ল'লে মুখ্যমন্ত্ৰীয়ে - Suresh Bora nOMINATION

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 4:34 PM IST

thumbnail

মৰিগাঁও, 4 এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ জালুগুটিত একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ মণিকূটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজয়ৰ বাবে আশীৰ্বাদ লয় ৷  

নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ভকত বৈষ্ণৱৰে সৈতে মত বিনিময় কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,  আচাৰ্য ইলাৰাম দাস দেৱৰ স্মৃতি নৱপ্ৰজন্মৰ মাজত সদায় জীয়াই থাকিব । তেখেতৰ আধ্যাত্মিক জ্যোতিৰে অসমখনক আলোকিত কৰিব ৷-

উল্লেখ্য যে, আজি অৰ্থাৎ বৃহস্পতিবাৰে নগাঁও বিজেপিৰ সাংসদ প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সহিতে তেওঁলোকে নগাঁও মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

ইফালে একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতি প্ৰসাদ দাসে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে একশৰণ ভাগৱতী সমাজক কৃতাৰ্থ কৰা বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী - PM Modi to visit Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.