ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনস্থলীত পকেটমাৰৰ সন্ত্ৰাস - অধিবেশনস্থলীত পকেটমাৰৰ সন্ত্ৰাস

🎬 Watch Now: Feature Video

thumbnail
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন (undefined)

By ETV Bharat Assamese Team

Published : February 11, 2024 at 8:45 AM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া, ১১ ফেব্ৰুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন উপলক্ষে লোকাৰণ্য হৈছে ৰঙিয়াৰ হাতীখলা পথাৰ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে ভকত বৈষ্ণৱসকল । শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ,ডেকা,গাভৰু সকলোৱে বাট বুলিছে এই অধিৱেশনস্থলীলৈ । এই অধিৱেশনস্থলীত এতিয়া আকৌ একাংশই খাপ পিটিছে চুৰি কৰিবলৈ । সুযোগ পালেই থপিয়াইছে সোণৰ আ-অলংকাৰ আদি । ইয়াৰ মাজতেই ৰাইজৰ ৰোষত পৰিল এটা চোৰ ।  

ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনস্থলীত পকেটমাৰৰ সন্ত্ৰাস । লক্ষাধিক জনগণৰ সমাগমৰ সুযোগ বুজি পকেটমাৰ আৰু চিলনী চোৰে চলাইছে লুটপাত । শনিবাৰে এটা চিলনী চোৰে এগৰাকী আই-মাতৃৰ পৰা সোণৰ চেইন কাঢ়ি হাতে লোতে ধৰা পৰে । লগে লগে একাংশ লোকে লপাথপা দিয়ে ধৃত চোৰটোক । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰটোক আটক কৰে । এই চোৰটোৰ পৰা ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ সকলে গাঞ্জা জব্দ কৰে ।  

লগতে পঢ়ক:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত জ্ঞানী জছবীৰ সিঙৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details