ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনস্থলীত পকেটমাৰৰ সন্ত্ৰাস

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 8:45 AM IST

thumbnail

ৰঙিয়া, ১১ ফেব্ৰুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন উপলক্ষে লোকাৰণ্য হৈছে ৰঙিয়াৰ হাতীখলা পথাৰ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে ভকত বৈষ্ণৱসকল । শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ,ডেকা,গাভৰু সকলোৱে বাট বুলিছে এই অধিৱেশনস্থলীলৈ । এই অধিৱেশনস্থলীত এতিয়া আকৌ একাংশই খাপ পিটিছে চুৰি কৰিবলৈ । সুযোগ পালেই থপিয়াইছে সোণৰ আ-অলংকাৰ আদি । ইয়াৰ মাজতেই ৰাইজৰ ৰোষত পৰিল এটা চোৰ ।  

ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনস্থলীত পকেটমাৰৰ সন্ত্ৰাস । লক্ষাধিক জনগণৰ সমাগমৰ সুযোগ বুজি পকেটমাৰ আৰু চিলনী চোৰে চলাইছে লুটপাত । শনিবাৰে এটা চিলনী চোৰে এগৰাকী আই-মাতৃৰ পৰা সোণৰ চেইন কাঢ়ি হাতে লোতে ধৰা পৰে । লগে লগে একাংশ লোকে লপাথপা দিয়ে ধৃত চোৰটোক । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰটোক আটক কৰে । এই চোৰটোৰ পৰা ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ সকলে গাঞ্জা জব্দ কৰে ।  

লগতে পঢ়ক:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত জ্ঞানী জছবীৰ সিঙৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.