শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত জ্ঞানী জছবীৰ সিঙৰ অংশগ্ৰহণ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 6:04 PM IST

thumbnail

ৰঙিয়া, 10 ফেব্ৰুৱাৰী : লোকাৰণ্য হৈছে ৰঙিয়াৰ হাতীখলাৰ পথাৰ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভকত বৈষ্ণৱ । কি শিশু, কি বৃদ্ধ, কি ডেকা, কি গাভৰু সকলোৱে যেন বাট বুলিছে অধিৱেশনস্থলীলৈ । এই অধিৱেশনস্থলীত এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এজন ব্যক্তিয়ে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনলৈ নগাঁৱৰ বৰকলাৰ অসমীয়া শিখ গাঁৱৰ পৰা আহিছে জছবীৰ সিং ।

দুই দশকতকৈও অধিক কাল শংকৰদেৱ সংঘৰ সৈতে জড়িত থকাৰ পিচত এই গৰাকী অসমীয়া শিখ ব্যক্তিয়ে শংকৰদেৱ সংঘৰ প্ৰায় প্ৰতিখন অধিৱেশনতেই অংশগ্ৰহণ কৰি আহিছে । নিজকে এজন অসমীয়া বুলি চিনাকি দিয়া জছবীৰ সিঙে সলসলিয়াকৈ গাব পাৰে ঘোষা । ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাতত জছবীৰ সিঙে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিবৃত্ত বাখ্যা কৰি শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰু নানকৰ সাক্ষাৎকাৰ আৰু ধৰ্মৰ প্ৰচাৰৰ বিষয়েও বহলাই কয় । লগতে দুয়োগৰাকী ধৰ্মগুৰুৰ চিন্তাধাৰা তথা আদৰ্শৰ সাদৃশ্যৰ বিষয়েও মনত পেলাই উপস্থিত লোকসকলৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্মৃতিগ্ৰন্থ ভকতি সিন্ধু উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.