বাক্সা জিলাৰ জাখলিবিলত দিব্যাংগ ব্যক্তিক ই-ৰিক্সা প্ৰদান বি টি আৰ প্ৰশাসনৰ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:47 PM IST

thumbnail

বৰপেটাৰোড, 6 মাৰ্চ : বি টি আৰৰ সমাজ কল্যাণ বিভাগে দিব্যাংগ সকলৰ বাবেও কেবাখনো বিশেষ আঁচনি গ্ৰহন কৰিছে ৷ বিশেষকৈ দিব্যাংগ সকলৰ স্ব-নিয়োজনৰ পথ মুকলিৰ উদ্দেশ্যেৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ তৎপৰতাত প্ৰতিবছৰে বিটিআৰৰ 100 গৰাকীকৈ দিব্যাংগ ব্যক্তিক একোখনকৈ ই-ৰিক্সা প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছে ৷ "মানৱ সেৱা মিছন" নামৰ এই আঁচনিৰ অধীনত বুধবাৰে বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ জাখলিবিলত দিব্যাংগ ব্যক্তিক ই-ৰিক্সা প্ৰদান কৰা হয় ৷

বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে অনুষ্ঠানটোত মুঠ 35 গৰাকী দিব্যাংগ ব্যক্তিক ই-ৰিক্সা প্ৰদান কৰে ৷ ই- ৰিক্সা বিতৰণ কৰি গৌতম দাসে কয় যে, দিব্যাংগ সকলেও সমাজৰ আন ব্যক্তি সকলৰ দৰে সাধাৰণ জীৱন-যাপনৰ বাবে সক্ষম হওক আৰু আন দহজনৰ দৰে স্বাৱলম্বী হৈ উঠক ৷ এই উদ্দেশ্যৰে গ্ৰহণ কৰা আন এক আঁচনি অনুসৰি বি টি আৰৰ 200 গৰাকী দিব্যাংগ ব্যক্তিক 50 হাজাৰকৈ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰো পদক্ষেপ লোৱা বুলিও উল্লেখ কৰে তেওঁ ৷ 
 

লগতে পঢ়ক : সন্মুখত লোকসভা নিৰ্বাচন: অসমত এতিয়া জোৰদাৰ গতিত আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.