সুস্থ সমাজ গঠন কৰিবলৈ প্ৰকৃত মানুহৰ প্ৰয়োজন: গুলাব চান্দ কাটাৰীয়া

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:25 PM IST

thumbnail

কাছাৰ, ২৮ জানুৱাৰী : দুদিনীয়া ভ্ৰমণসূচী লৈ আজি বৰাকত উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । ৰাজ্যপালগৰাকীয়ে দেওবাৰে আবেলি শিলচৰত উপস্থিত হৈ ধলাই বাম নিত্যানন্দ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । ৰাজ্যপালগৰাকীয়ে  বিদ্যালয়খনৰ শতবৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলে পঢ়া-শুনাৰ লগত খেলাধূলাতো মনোনিবেশ কৰিবলৈ আহ্বান জনায় ।

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া কয়, "খেলা-ধূলাই একমাত্ৰ মাধ্যম য'ত জাতিভেদ নাই  ৷ সুস্থ সমাজ গঠন কৰিবলৈ হ'লে এজন প্ৰকৃত মানুহৰ প্ৰয়োজন । সেয়েহে পঢ়া-শুনাৰ লগতে খেলা-ধূলাৰ মাজেদি এজন প্ৰকৃত মানুহ হ'ব  পাৰি । " ৰাজ্যপাল গৰাকীয়ে দেশ শক্তিশালী কৰিবলৈ হ'লে নৱ প্ৰজন্মক সুস্থ মনোভাৱ গঠন কৰিব লাগিব  বুলি কয় ৷ এয়া একমাত্ৰ খেলা-ধূলাৰ মাধ্যমেৰেই গঠন কৰিব পাৰি বুলি তেওঁ কয়  ৷  

ধলাই বাম নিত্যানন্দ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ গৌৰবোজ্জ্বল ইতিহাসৰ কথা উল্লেখ কৰি ৰাজ্যপাল গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক জীৱনত সফলতাৰে আগুৱাই যোৱাৰ কামনা কৰে ৷ ইপিনে,কাইলৈ শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।

লগতে পঢ়ক:১০০ খন বিচনাযুক্ত অত্যাধুনিক নেচাৰ'পেথী হাস্পতালৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.