ETV Bharat / state

১০০ খন বিচনাযুক্ত অত্যাধুনিক নেচাৰ'পেথী হাস্পতালৰ আধাৰশিলা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:46 PM IST

Central Institute of Yoga and Naturopathy:৪৫ বিঘা ভূমিত নিৰ্মাণ হ'ব উত্তৰ-পূৱৰ প্ৰথমখন কেন্দ্ৰীয় যোগ আৰু নেচাৰপেথী গৱেষণা প্ৰতিষ্ঠান । আজি এই প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে সর্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Ministry of Ayush Government of India
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মৰাণ, ২৮ জানুৱাৰী : ভাৰত চৰকাৰৰ আয়ুষ মন্ত্রালয়ৰ উদ্যোগত ডিব্ৰুগড়ত স্থাপন হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ১০০ খন বিচনাযুক্ত অত্যধুনিক নেচাৰ'পেথী হাস্পতাল । ৰাজ্য চৰকাৰে চিকিৎসালয়খন নিৰ্মাণৰ বাবে ডিব্ৰুগড়ৰ জকাইত ৪৫ বিঘা ভূমি আবন্টন দিয়াৰ পাছতে আজি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক নেচাৰ'পেথী হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰে ।

আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিব্ৰুগড় জিলাৰ জকাই খামটিঘাটত ১০০ কোটি টকা ব্যয় সাপেক্ষে ৪৫ বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া উত্তৰ-পূৱৰ প্ৰথমখন কেন্দ্ৰীয় যোগ আৰু নেচাৰপেথী গৱেষণা প্ৰতিষ্ঠানটোৰ জৰিয়তে পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা ব্যৱস্থা উপলব্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

দেশৰ তৃতীয়খন যোগ আৰু নেচাৰপেথী গৱেষণা প্ৰতিষ্ঠানখনৰ জৰিয়তে নিবনুৱাসকলে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেৱল চিকিৎসালয়েই নহয়, ৪৫ বিঘা ভূমিৰ সম্পূর্ণ চৌহদটোত গৱেষণা কেন্দ্র, যোগাসনৰ প্ৰশিক্ষণেৰে কেনেকৈ ৰোগ মুক্ত হ'ব পাৰি তাৰো সেৱা উপলব্ধ হ'ব । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্বৰ বাবে এয়া সম্ভৱ হৈছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয় নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰা বাবে আধাৰশিলা স্থাপন অনুষ্ঠানত ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীক ।

অত্যাধুনিক নেচাৰ'পেথী হাস্পতালৰ আধাৰশিলা স্থাপন অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক মন্ত্ৰী বিমল বড়াকে ধৰি ডিব্ৰুগড় জিলাৰ সকলো বিধায়কৰ লগতে ভাৰত আৰু অসম চৰকাৰৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.