তীব্ৰবেগী বাহনৰ খুন্দাত টুপীমূৰীয়া বান্দৰৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:29 AM IST

thumbnail

কলিয়াবৰ,৭ ফেব্ৰুৱাৰী: কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা আমগুৰি চাহ বাগিচাৰ সমীপৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ মৃত দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰ । তীব্ৰবেগী বাহনৰ খুন্দাত ৰাজপথত দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে সংস্থাপন কৰা ব্যয়বহুল চেঞ্চৰ কেমেৰা বিকল হৈ আছে ৷ ফলত তীব্ৰ বেগেৰে যোৱা বাহনৰ খুন্দাত এনেদৰে পূৰ্বেও টুপীমূৰীয়া বান্দৰ মৃত্যু মুখত পৰিছিল ।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত সচৰাচৰ দেখা পোৱা যায় টুপীমূৰীয়া বান্দৰৰ জাক । উদ‍্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দক্ষিণ দিশে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত উমলি-জামলি আপোন মনে খাদ‍্য খাই থকাৰ সময়ত প্ৰায়েই কেমেৰাত বন্দী হয় টুপীমূৰীয়া বান্দৰৰ জাক ।

অসমৰ নিৰ্বাচিত ৰাষ্ট্ৰীয় উদ‍্যান, অভয়াৰণ‍্য আৰু সংৰক্ষিত বনাঞ্চলসমূহত এই প্ৰজাতিৰ বান্দৰ বিদ‍্যমান । অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ‍্যতো টুপীমূৰীয়া বান্দৰৰ সঘন উপস্থিতি দেখা পোৱা যায় । বিশেষকৈ বুঢ়াপাহাৰ বনাঞ্চলত এই প্ৰজাতিৰ বান্দৰ বেছিকৈ দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক: একলা-দুকলাকৈ ডাঙৰ হৈছে প্ৰকৃতিৰ সন্তান পৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.